হিমাচল প্ৰদেশৰ তুষাৰপাত উপভোগ কৰিবলৈ গৈ আবদ্ধ হৈছে পৰ্যটক। প্ৰচণ্ড তুষাৰপাতৰ ফলত বন্ধ হৈ পৰিছে বহুকেইটা গুৰুত্বপূৰ্ণ পথ। এনে পৰিস্থিতিত পৰ্যটক তথা স্থানীয় লোকসকল বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে । তুষাৰপাতৰ ফলত কাজাত প্ৰায় ৮১ গৰাকী পৰ্যটক আবদ্ধ হৈ থকাৰ খবৰ পোৱা গৈছে । অৱশ্যে সকলো পৰ্যটক অতিথিশালা আৰু সুৰক্ষিত স্থানত আছে । কিন্তু লোকসকলৰ সৈতে মোবাইলত যোগাযোগ কৰিব নোৱৰাৰ বাবে তেওঁলোকৰ পৰিয়ালে কাজা আৰক্ষীক অৱগত কৰিছে ।

স্পিতি আৰু লাহৌল উপত্যকাত প্ৰচণ্ড তুষাৰপাতৰ বাবে পথসমূহ বন্ধ কৰি দিয়া হৈছে। লাহৌল-স্পিতি আৰক্ষীয়ে তথ্য লাভ কৰিছে যে কাজাত কেইবাখনো হোটেল আৰু ঘৰত থকা ৮১ গৰাকী পৰ্যটক বিদ্যুৎ যোগান ব্যাহত আৰু দূৰসংযোগ ব্যৱস্থাৰ বাবে আবদ্ধ হৈ আছে । আৰক্ষীয়ে জনোৱা মতে বৰ্তমান এই পৰ্যটকসকল সুৰক্ষিত স্থানত আছে । আৰক্ষীৰ মতে এই পৰ্যটকসকলক ছেটেলাইট ফোনৰ জৰিয়তে যোগাযোগ কৰা হৈছে ।আৰক্ষী অধীক্ষক মায়াংক চৌধুৰীৰ নেতৃত্বত তুষাৰপাতৰ পিচত লাহৌল স্পিতি অঞ্চলত আবদ্ধ পৰ্যটকসকলক স্থানান্তৰৰ প্ৰক্ৰিয়া অব্যাহত আছে । পৰ্যটকসকলৰ পৰিয়ালক এই কথা অৱগত কৰোৱা হৈছে । আৰক্ষী অধীক্ষকৰ মতে কাজাৰ উপৰিও বহু লোক চিচাম, কিব্বাৰ, লংচা আৰু টাবোত আবদ্ধ হৈ থকাৰ সম্ভাৱনা আছে । আবদ্ধ পৰ্যটকসকলক যোগযোগ কৰিবলৈ প্ৰশাসনৰ তৰফৰ চেষ্টা অব্যাহত ৰখা হৈছে ।

উল্লেখ্য যে, স্পিতি উপত্যকাৰ কাজাত বৰ্তমান চাৰে তিনি ফুটতকৈও অধিক বৰফ আছে । যাৰ বাবে এতিয়া বিআৰঅ’ আৰু পিডব্লিউডি বিভাগৰ দ্বাৰা পথ মুকলিৰ কাম কৰি থকা হৈছে । কিন্তু পথটো মুকলি কৰাৰ বাবে দীঘলীয়া সময়ৰ প্ৰয়োজন হ’ব ।

By Sandy

Leave a Reply

Your email address will not be published. Required fields are marked *