আম আদমি পাৰ্টীয়ে ৰাজধানী চহৰত সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। প্ৰতিবাদৰ অংশ স্বৰূপে মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহ ঘেৰাও কাৰ্যসূচীৰ পৰিকল্পনা কৰিছে দলটোৱে ।

অব্যাহত আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ। আম আদমি পাৰ্টীয়ে ৰাজধানী চহৰত সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। প্ৰতিবাদৰ অংশ স্বৰূপে মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহ ঘেৰাও কাৰ্যসূচীৰ পৰিকল্পনা কৰিছে দলটোৱে । দিল্লীৰ মন্ত্ৰী তথা আপৰ জ্যেষ্ঠ নেতা গোপাল ৰায়ে দলৰ এই সিদ্ধান্তৰ কথা প্ৰকাশ কৰিছে ।

ইফালে আম আদমি পাৰ্টীয়ে প্ৰধানমন্ত্ৰীৰ বাসগৃহ ঘেৰাও কাৰ্যসূচীৰ আহ্বান জনোৱাৰ পিচতে দিল্লী আৰক্ষীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে ।

দিল্লীৰ মন্ত্ৰী গোপাল ৰায়ে আন এক কাৰ্যসূচীৰ কথা উল্লেখ কৰি কয় যে অহা শনিবাৰে পুৱা ১০ বজাত আপৰ সকলো বিধায়ক, কাউঞ্চিলাৰ, কাৰ্যালয়ৰ বিষয়া, ইণ্ডিয়া ব্লকৰ প্ৰতিনিধিসকলে গণতন্ত্ৰ ৰক্ষাৰ প্ৰতিশ্ৰুতি ল’ব । নেতাসকলে শ্বহীদী উদ্যানত একত্ৰিত হ’ব । ৰায়ে কৈছিল যে দেশজুৰি বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব ।

ইফালে এগৰাকী আৰক্ষী বিষয়াৰ মতে ৰাষ্ট্ৰীয় ৰাজধানীৰ আন কেইবাটাও স্থানত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে । দিল্লী যান-বাহন আৰক্ষীৰ এজন বিষয়াই কয় যে প্ৰতিবাদৰ ফলত নতুন দিল্লী আৰু কেন্দ্ৰীয় দিল্লীৰ কিছু অংশ প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে । দিল্লী যান-বাহন আৰক্ষীয়ে প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি বাহনসমূহৰ মসৃণ চলাচলৰ বাবে ৭ টা ডাইভাৰ্চন পইণ্টৰ ব্যৱস্থা কৰিছে। প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰীসকলে মঙলবাৰে কেমাল আতাতুৰ্ক মাৰ্গ, চফদৰজং ৰোড, আকবৰ ৰোড আৰু ত্ৰিমূৰ্তি মাৰ্গ পৰিহাৰ কৰিব লাগিব।

আৰক্ষীৰ মতে দিল্লীত আইন-শৃংখলা বজাই ৰখাৰ বাবে নিৰাপত্তাৰ স্তৰ কঠোৰ কৰা হৈছে । প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ চাৰিওফালে ইতিমধ্যে ১৪৪ ধাৰা জাৰি কৰা হৈছে আৰু কোনো লোককে প্ৰতিবাদ কৰিবলৈ অনুমতি দিয়া নহ’ব ।

উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কাৰাগাৰৰ পৰাই চৰকাৰ পৰিচালনা কৰিছে। দিল্লী চৰকাৰৰ কাম-কাজ তেওঁ কাৰাগাৰৰ ভিতৰৰ পৰাই পৰিচালনা কৰিছে।মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এইবাৰ স্বাস্থ্য বিভাগলৈ এক নিৰ্দেশনা জাৰি কৰিছে । চৰকাৰী চিকিৎসালয়ত চিকিৎসা আৰু ঔষধৰ বাবে উন্নত ব্যৱস্থা নিশ্চিত কৰিবলৈ তেওঁ নিৰ্দেশ দিছে । লেফটেনেণ্ট গৱৰ্ণৰৰ সৈতে আলোচনা কৰি স্বাস্থ্য ব্যৱস্থা উন্নত কৰিব লাগে আৰু কোনো ৰোগীয়ে যাতে সমস্যাৰ সন্মুখীন নহয় সেয়া নিশ্চিত কৰিবলৈ কেজৰিৱালে নিৰ্দেশ দিছে। স্বাস্থ্য মন্ত্ৰী সৌৰভ ভৰদ্বাজে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জাৰি কৰা নিৰ্দেশনাৰ বিষয়ে উল্লেখ কৰিছে ।

By Sandy

Leave a Reply

Your email address will not be published. Required fields are marked *