IPLৰ আজিৰ খেলত উজলিল ৰাজস্থান ৰয়েলছ দলৰ হৈ খেলা ৰিয়ান পৰাগ। দিল্লী কেপিটেলছৰ বিৰুদ্ধে ৰিয়ান পৰাগৰ বিস্ফোৰক ইনিংছ।আই পি এলত ধাৰাবাহিক ব্যৰ্থতাৰ পাছত আজি সুন্দৰ প্ৰদৰ্শন ৰিয়ান পৰাগৰ। ৩৪টা বলতে অৰ্ধশতক অৰ্জন ৰিয়ান পৰাগ। দিল্লী কেপিটেলছৰ ৰাজস্থান ৰয়েছৰ দ্বিতীয়খন মেচত ৪৫টা বলত ৮৪ ৰাণৰ বিস্ফোৰক ইনিংছ ৰিয়ান পৰাগক। ৰিয়ানৰ পৰাগৰ দুৰ্দান্ত বেটিঙৰ ফলতে ৰাজস্থান ৰয়েলছে সংগ্ৰহ কৰে ১৮৫ ৰাণ। ৰিয়ান পৰাগে ৭টা ফ’ৰ আৰু ৬টা ছিক্স কোবাই।

টছত জিকি প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত লয় দিল্লী কেপিটেলছে ৷ প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি ৰাজস্থান ৰয়েলছে ৰিয়ান পৰাগৰ অপৰাজিত 84 ৰাণৰ সহায়ত 5 টা উইকেট হেৰুৱাই ঋষভ পন্ট নেতৃত্বাধীন দিল্লী কেপিটেলছক জয়ৰ বাবে বান্ধি দিয়ে 186 ৰাণ লক্ষ্য ৷ ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু ছেমছন, তাৰকা বেটছমেন জ’ছ বাটলাৰ, যশস্বী জয়ছোৱাল কম সময়তে পেভিলিয়নমুখী হোৱাৰ পিচত দায়িত্বশীল বেটিঙেৰে দলক আগুৱাই নিয়ে ৰিয়ান পৰাগে ৷

উল্লেখ্য যে, ৰিয়ানৰ এনে প্ৰদৰ্শনত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰে দলটোৰ জ্যেষ্ঠ ক্ৰিকেটাৰসকলৰ লগতে ধাৰাভাষ্যকাৰ হিচাপে থকা প্ৰাক্তন ক্ৰিকেটাৰসকল। বিশেষকৈ ঘৰুৱা ক্ৰিকেটৰ খবৰ ৰখা ইৰফান পাঠানে এইবাৰ ঘৰুৱা ক্ৰিকেটত ৰিয়ানৰ প্ৰদৰ্শন দেখি আই পি এলত পূৰ্বতকৈ উন্নত প্ৰদৰ্শন কৰিব পাৰিব বুলি পূৰ্বানুমান কৰিছিল। সেই পূৰ্বানুমান সত্য হোৱাত এতিয়া ইৰফান পাঠানে আগন্তুক দুবছৰত ৰিয়ানে ভাৰতৰ হৈ খেলিব বুলিও ভৱিষ্যতবাণী কৰিছে। একেদৰে সুৰেশ ৰাইনায়ো ৰিয়ানে ভাৰতৰ হৈ খেলিব পাৰিব বুলি ভৱিষ্যতবাণী কৰিছে।

By Sandy

Leave a Reply

Your email address will not be published. Required fields are marked *