দেশৰ ৰাজধানী কঁপাবলৈ দিল্লী অভিমুখে ৰাওনা হৈছে প্ৰতিবাদী কৃষকসকল ৷ কৃষকৰ প্ৰতিবাদৰ বাবে যাত্ৰীসকলে যান-জঁটৰ সন্মুখীন হ’ব পাৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । ইতিমধ্যে দিল্লী-হাৰিয়ানাৰ সিংঘু সীমান্তত কৃষকসকলে সমবেত হ’বলৈ আৰম্ভ কৰাৰ লগে লগে বৃহৎ যান-জঁটৰ সৃষ্টি হোৱা দেখা গৈছিল । টিকৰি, সিংঘু, আৰু গাজীপুৰ সীমান্তৰ লগতে ৰে’ল আৰু মেট্ৰ’ ষ্টেচন আৰু বাছ ষ্টেণ্ডত কঠোৰ সতৰ্কতা অৱলম্বন কৰিব বুলি দিল্লী আৰক্ষীয়ে জানিবলৈ দিয়ে ।

আৰক্ষী উপ আয়ুক্ত জিমি চিৰামে কয়, “আমি তিনিওটা সীমান্ততে নিৰাপত্তা বৃদ্ধি কৰিছো । অৱশ্যে আমি কোনো সীমান্ত বা পথ বন্ধ কৰা নাই যদিও যান-বাহন পৰীক্ষা কৰা হ’ব । ইতিমধ্যে দিল্লী-হাৰিয়ানা সীমান্তত বাহিনী মোতায়ন কৰা হৈছে । কৃষকসকলে জনোৱা আহ্বানৰ পিছত আমি পৰিস্থিতিৰ ওপৰত চকু ৰাখিছো ।”

কৃষক আন্দোলনৰ নেতৃত্ব দি থকা কিষাণ মজদুৰ মৰ্চা আৰু সংযুক্ত কিষাণ মৰ্চা নামৰ দুটা সংস্থাই দেওবাৰে সমগ্ৰ দেশৰ কৃষকসকলক বুধবাৰে দিল্লীত উপস্থিত হ’বলৈ আহ্বান জনাইছিল কৃষক নেতা সৰৱান সিং পান্ধেৰ আৰু জগজিৎ সিং দলেৱালে।

উল্লেখ্য যে, শস্যৰ নূন্যতম সমৰ্থন মূল্যৰ আইনী নিশ্চয়তাকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত ১০ মাৰ্চত দেশজুৰি চাৰি ঘণ্টীয়া ৰেল অৱৰোধ কাৰ্যসূচীৰো আহ্বান জনাইছে দুয়োগৰাকী নেতাই ৷ এজন কৃষকৰ ত্যাগ অথলে নাযায় বুলি মন্তব্য কৰি নেতাসকলে দাবী পূৰণ নোহোৱালৈকে তেওঁলোকৰ সংগ্ৰাম অব্যাহত থাকিব বুলি মন্তব্য কৰে ।

পঞ্জাৱ-হাৰিয়ানা সীমান্তৰ খানৌৰীত যোৱা মাহত নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰী কৃষকৰ মাজত হোৱা সংঘৰ্ষৰ ফলত এজন ২১ বছৰীয়া কৃষক নিহত হোৱাৰ লগতে কেইজনমান লোক আহত হয়।১৩ফেব্ৰুৱাৰীৰ পৰা কৃষকৰ পদযাত্ৰা আৰম্ভ কৰা হৈছিল যদিও নিৰাপত্তা বাহিনীয়ে বাধা দিয়াৰ ফলত সীমান্তত সংঘৰ্ষৰ সৃষ্টি হয় ।

By Sandy

Leave a Reply

Your email address will not be published. Required fields are marked *