হঠাৎ দাম বৃদ্ধি পালে কলপাতৰ! আপোনাৰ ঘৰৰ চাৰিওকাষে থকা কলপাতৰ দাম শুনি চকু কপালত উঠিব আপোনাৰ। পূজা-পাতলৰ কামত ব্যৱহাৰ হোৱা কলপাতৰ হঠাৎ দাম বৃদ্ধিক লৈ এতিয়া চৰ্চা আৰম্ভ।

হঠাৎ দাম বৃদ্ধি পালে এবিধ পাতৰ! আপোনাৰ ঘৰৰ চাৰিওকাষে থকা কলপাতৰ দাম শুনি চকু কপালত উঠিব আপোনাৰ। পূজা-পাতলৰ কামৰ পৰা আদি কৰি খাদ্য গ্ৰহণলৈকে বিভিন্ন কাৰ্যত ব্যৱহাৰ হোৱা কলপাত কিনিবলৈ গৈ এতিয়া আপুনি মূৰে কপালে হাত দিব লাগিব । কিয়নো বজাৰত কলপাতৰ মূল্য ব্যাপক হাৰত বৃদ্ধি পাইছে । একোখন কলপাত ১০ ৰ পৰা ১৩ টকা পৰ্যন্ত বিক্ৰী হৈছে বজাৰত ।

কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুত অব্যাহত থকা পানীৰ সংকটৰ মাজতে এতিয়া মহানগৰবাসী কলপাতৰ নাটনিৰ সন্মুখীন হৈছে । বহু হোটেল আৰু ৰাজহুৱা স্থানত ষ্টীলৰ প্লেটৰ সলনি কলপাত ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে । কলৰ পাতৰ চাহিদা বৃদ্ধিৰ লগে লগে ইয়াৰ ব্যাপক মূল্যবৃদ্ধি হৈছে । স্থানীয় সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি ৩ টকাতকৈও কম মূল্যত উপলব্ধ হোৱা এখন কলপাতৰ দাম এতিয়া ১৩ টকা হৈছেগৈ ।

মহানগৰীখনত পানীৰ নাটনিৰ বাবে পানীৰ দাম আকাশলংঘী হৈছে । পানী ব্যৱহাৰৰ বিকল্প হিচাপে মানুহে ডিচপ’জেবল প্লেট আৰু কাপৰ ব্যৱহাৰ আৰম্ভ কৰিছে । ইফালে, আজিকালি কলপাতক অস্থায়ী প্লেট হিচাপে ব্যৱহাৰ কৰাৰ লগতে পৰম্পৰাগত খাদ্য পৰিৱেশনৰ শৈলী হিচাপে আহাৰ গ্ৰহণৰ বাবে ব্যৱহাৰ কৰাত মহানগৰীত দিনক দিনে বাঢ়িছে কলপাতৰ চাহিদা । ইয়াৰ উপৰিও কলপাতৰ যোগান কমি অহাটোও চিন্তাৰ কাৰণ ।

বেংগালুৰু মহানগৰীৰ মলেশ্বৰম, কে আৰ বজাৰ আৰু চামৰাজপেট বজাৰত ৰেষ্টুৰেণ্ট, সাধাৰণ ধাবা আৰু খাদ্য বিপণী সমূহে কলপাত ব্যৱহাৰ কৰিবলৈ লৈছে । এজন বিষয়াই জনোৱা মতে, বেংগালুৰুত চলি থকা পানীৰ সংকটত কলপাত আৰু ডিচপ’জেবল প্লেটৰ বিক্ৰী ৪০%তকৈ অধিক বৃদ্ধি পাইছে ।

ৰাজ্যখনৰ বিভিন্ন তালুক আৰু চুবুৰীয়া ৰাজ্যৰ পৰা কলৰ পাত অনা হৈছে আৰু কলপাত মূলতঃ চামৰাজনগৰ, মহীশূৰ, তামিলনাডু, ইন্দুপুৰ আৰু কদাপাৰ পৰা যোগান ধৰা হৈছে । ব্যৱসায়ীসকলে কয় যে বৰ্তমানৰ চাহিদা পূৰণৰ বাবে এই যোগান যথেষ্ট নহয় । এখন সাধাৰণ আকাৰৰ কলপাত ৩ টকাৰ পৰা ৬ টকা আৰু এখন ডাঙৰ আকাৰৰ কলপাত ৮ টকাৰ পৰা ১০ টকাত বিক্ৰী হৈছিল । কিন্তু, যোৱা মাহৰ পৰা তেওঁলোকে এখন সাধাৰণ আকাৰৰ কলপাত ৯ টকাৰ পৰা ১৩ টকালৈ বিক্ৰী কৰি আহিছে । মল্লেশ্বৰমৰ পাতৰ ব্যৱসায়ী সুনীলে এইদৰে কয় ইটিভি ভাৰতক ।

By Sandy

Leave a Reply

Your email address will not be published. Required fields are marked *