বিগ বিৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু তেওঁক মুম্বাইৰ কোকিলাবেন হাস্পতালত ভৰ্তি কৰোৱা হয় । কোৱা হৈছে যে অমিতাভ বচ্চনৰ এঞ্জিওপ্লাষ্টি কৰা হৈছে ।

হঠাৎ অসুস্থ বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চন। বিগ বিৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু তেওঁক মুম্বাইৰ কোকিলাবেন হাস্পতালত ভৰ্তি কৰোৱা হয় । কোৱা হৈছে যে অমিতাভ বচ্চনৰ এঞ্জিওপ্লাষ্টি কৰা হৈছে ।

সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি আজি কটকটীয়া নিৰাপত্তাৰ মাজৰে বিগ বিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । কিন্তু আশ্চৰ্যজনক কথাটো হ’ল আজি দুপৰীয়া অৰ্থাৎ কিছু সময় পূৰ্বে তেওঁ টুইটাৰত “সদায় কৃতজ্ঞতা” বুলি এটা পোষ্ট শ্বেয়াৰ কৰিছিল । কোৱা হৈছে যে অস্ত্ৰোপচাৰৰ পিচত অমিতাভে তেওঁৰ ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে অনুৰাগীসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে ।

উল্লেখ্য যে, ৮১ বছৰ বয়স হ’লেও নিয়মিতভাৱে শৰীৰ চৰ্চা কৰে অমিতাভ বচ্চনে। নিজকে সুস্থ ৰাখিবলৈ কঠোৰ অনুশাসন মানি চলে অভিনেতাগৰাকীয়ে। ব্যস্ততাৰ মাজতো নিজক সময় দিয়ে তেওঁ। চলচ্চিত্ৰৰ চিত্ৰগ্ৰহণেই হওক বা ৰিয়েলিটি শ্ব’ৰ শ্বুটিঙেই হওক সকলো চম্ভালি থাকে তেওঁ। একে সময়তে পৰিয়ালকো দিয়ে সময়। তদুপৰি, সামাজিক মাধ্যমতো অনুৰাগীসকলৰ সৈতে যথেষ্ট সক্ৰিয় হৈ থাকে অভিনেতাগৰাকী।

By Sandy

Leave a Reply

Your email address will not be published. Required fields are marked *