প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি যোৰহাটৰ হোলোঙাপাৰত নিৰ্মিত মহাবীৰ, আহোম সেনাপতি লাচিত বৰফুকনৰ ১২৫ ফুট উচ্চতাৰ ‘শৌৰ্য প্ৰতিমূৰ্তি’ভাগ উন্মোচন কৰে৷ পৰাক্ৰমী মোগলক ১৭ বাৰকৈ পৰাভূত কৰা আহোমৰ অন্যতম সমৰনায়ক গৰাকীক ইয়াৰ দ্বাৰা প্ৰকৃত জাতীয় সন্মান জ্ঞাপন কৰা হ’ল। আজি দেশবাসীৰ বাবে উক্ত প্ৰতিমূৰ্তিটো উৰ্চগা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । হোলোঙোপাৰৰ লাচিত মৈদামত প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰা এই লাচিত বৰফুকনৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটো ১৭৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হৈছে ৷ ইতিমধ্যে যুদ্ধংদেহী ৰূপত সষ্টম হৈ আছে প্ৰশাসন ব্যৱস্থাও ৷ লগতে আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে যোৰহাট নগৰ আৰু সমীপৱৰ্তী অঞ্চলসমূহ ।

হোলোঙোপাৰাৰ লাচিত মৈদামৰ পৰা গৈ যোৰহাটৰ টীয়ক মেলেং মেটেলি ৰাজহুৱা সভাত অংশ ল’ব মোদীয়ে । উক্ত ৰাজহুৱা সভাৰ পৰাই অসম তথা দেশবাসীৰ বাবে কেইবাটাও প্ৰকল্প, আঁচনিৰ আধাৰশিলা মুকলি কৰাৰ লগতে উপস্থিত ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে ।

By Sandy

Leave a Reply

Your email address will not be published. Required fields are marked *