মহানগৰ আৰক্ষীৰ বেশত এতিয়া ঘূৰি ফুৰিছে ডকাইতৰ দল! যিকোনো মুহূৰ্তত আপোনাৰ নিকটতম থানাৰ আৰক্ষী বুলি পৰিচয় দি আপোনাৰ ঘৰত প্ৰৱেশ কৰি ভয়-ভাবুকি প্ৰদান কৰি লুট কৰি নিব পাৰে ধন-সম্পত্তি।

আৰক্ষীৰ পোছাক পৰিধান কৰি তিনিজনীয়া ডকাইতৰ দলে এজন লোকৰ ঘৰত প্ৰৱেশ কৰি গ্ৰেপ্তাৰৰ ভাবুকি প্ৰদান কৰি ধন লুট কৰি নিয়া ঘটনা এটা পোহৰলৈ আহিছে। এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে মহানগৰীৰ নুনমাটি থানাৰ অন্তৰ্গত মেগজিনৰ শিৱ মন্দিৰ পথত।

উল্লেখ্য যে মহানগৰীৰ মেগজিনৰ ২নং বাসগৃহৰ বাসিন্দা তথা ব্যৱসায়ী দেৱজিৎ শৰ্মা ৰ ঘৰত সোমবাৰে দিন দুপৰতে আৰক্ষীৰ বেশত অহা ৩জন লোক আহি প্ৰথমে দুৱাৰত টুকুৰিয়ায়। আৰক্ষীৰ পোছাক পিন্ধি অহা লোককেইজনে নিজকে নুনমাটি থানাৰ আৰক্ষী বুলি পৰিচয় দি দেৱজিৎ শৰ্মাৰ নামত জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা উলিওৱা বুলি কয়। আদালতৰ নিৰ্দেশৰ ভিত্তিত ৩ তেওঁক গ্ৰেপ্তাৰ কৰিব অহা বুলি অৱগত কৰে।

By Sandy

Leave a Reply

Your email address will not be published. Required fields are marked *