Deprecated: Function is_staging_site is deprecated since version 3.3.0! Use in_safe_mode instead. in /home/u862694509/domains/sirwiznews.com/public_html/wp-includes/functions.php on line 6078
ভাৰতীয় নৌসেনাই উদ্ধাৰ কৰে শুকুৰবাৰে অপহৃত ইৰানী মাছ ধৰা জাহাজ আৰু ইয়াত থকা ২৩ জন পাকিস্তানী নাগৰিকক - SirWiz News
Deprecated: Function is_staging_site is deprecated since version 3.3.0! Use in_safe_mode instead. in /home/u862694509/domains/sirwiznews.com/public_html/wp-includes/functions.php on line 6078

ভাৰতীয় নৌসেনাই শুকুৰবাৰে এখন অপহৃত ইৰানী মাছ ধৰা জাহাজ আৰু ইয়াৰ ২৩ জন পাকিস্তানী নাগৰিকক উদ্ধাৰ কৰে। ১২ ঘণ্টাতকৈও অধিক সময়ৰ তীব্ৰ প্ৰচেষ্টাৰ পিচত এই অভিযান সফল হয় বুলি বিষয়াসকলে কয়।

ভাৰতীয় নৌসেনাই শুকুৰবাৰে এখন অপহৃত ইৰানী মাছ ধৰা জাহাজ আৰু ইয়াৰ ২৩ জন পাকিস্তানী নাগৰিকক উদ্ধাৰ কৰে। ১২ ঘণ্টাতকৈও অধিক সময়ৰ তীব্ৰ প্ৰচেষ্টাৰ পিচত এই অভিযান সফল হয় বুলি বিষয়াসকলে কয়।

সাগৰীয় দস্যুৰ কৱলৰ পৰা ইৰাণৰ মাছমৰীয়াৰ এখন জাহাজ উদ্ধাৰ কৰিলে ভাৰতীয় নৌ সেনাই। আৰৱ সাগাৰৰ বুকুত কেইবাঘণ্টাৰ অভিযান চলাই ভাৰতীয় নৌ সেনাই কেৱল জাহাজখন উদ্ধাৰ কৰাই নহয় ২৩ জনকৈ পাকিস্তানী ক্ৰু মেম্বাৰকো ৰক্ষা কৰে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি ইৰাণৰ আল কাম্বাৰ ৭৮৬ নামৰ জাহাজখন লৈ আৰৱ সাগৰত মাছ ধৰিবলৈ গৈছিল এটা দলে। এই দলটোত আছিল ২৩ জনকৈ পাকিস্তানৰো নাগৰিক।

কিন্তু সাগৰৰ মাজত হঠাৎ জলদস্যুৰ আক্ৰমণৰ সন্মুখীন হয় এই জাহাজখন। ইয়াৰ পাছতে জাহাজখন হাইজেক কৰে জলদস্যুৱে। এই ঘটনাৰ সন্দৰ্ভত ভাৰতীয় নৌসেনালৈ এক বাৰ্তা আহে। এই বাৰ্তাৰ আলমতে জাহাজখন মুক্ত কৰিবলৈ ভাৰতীয় নৌসেনাই পদক্ষেপ হাতত লয়।

ভাৰতীয় নৌ সেনাই তদলদাৰী জাহাজ আই এন এছ সুমেধাৰ জৰিয়তে হাইজেক হোৱা জাহাজখনৰ সন্ধানত অভিযান আৰম্ভ কৰে। এই অভিযানৰ জৰিয়তেই সাগৰৰ পাৰৰ পৰা ১৬৭ কিলোমিচাৰ দূৰত্বত হাইজেক হোৱা জাহাজখনৰ সম্ভেদ লাভ কৰে আৰু জাহাজখন জলদস্যুৰ কৱলৰ পৰা উদ্ধাৰ কৰে।

উল্লেখ্য যে, এই জাহাজখন উদ্ধাৰৰ বাবে ভাৰতীয় নৌসেনাই ১২ ঘণ্টীয়া এক অভিযান চলাইছিল। এই ১২ ঘণ্টীয়া অভিযানত জলদস্যুৰ দলটোৰ সৈতে সংঘাতত লিপ্ত হয়। ১২ ঘণ্টীয়া এই সংঘাতৰ অন্তত জলদস্যুৰ দলটোৱে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয়।জলদস্যুৰ কৱলৰ পৰা জাহাজখন উদ্ধাৰৰ পাছতে ইৰাণী জাহাজখন নিৰাপদ স্থানলৈ নি যাবলৈ দিয়া হয়। জাহাজখনৰ আটাইকেইজন লোকেই সুৰক্ষিত হৈ আছে।

উল্লেখ্য ভাৰতীয় নৌ সেনাই সাগৰীয় বাণিজ্যত প্ৰভাৱ পেলোৱা ছোমালিয়াৰ জলদস্যু, হাউথী বিদ্ৰোহীৰ পৰা সাগৰীয় পথ মুক্ত কৰিবলৈ অপাৰেচন সংকল্প আৰম্ভ কৰিছে। এই বিদ্ৰোহী আৰু জলদস্যুৰ বাবেই সাগৰীয় বাণিজ্যত যথেষ্ট প্ৰভাৱ পৰিছে আৰু জাহাজৰ চলাচল ব্যাহত হৈ পৰিছে। এই অপাৰেচন সংকল্পৰ জৰিয়তেই ভাৰতীয় নৌ সেনাই কিছুদিন পূৰ্বে ৩৫ জন ছোমালিয়ান জলদস্যুক আটক কৰি আৰক্ষীক গতাই দিছিল।

By Sandy

Leave a Reply

Your email address will not be published. Required fields are marked *