এক ভয়াৱহ দুৰ্ঘটনাই প্ৰাণ ল’লে একেটা পৰিয়ালৰে শিশুসহ ৫গৰাকী সদস্যৰ। তামিলনাডুৰ মাদুৰাইত বুধবাৰে পুৱা প্ৰায় ৬-০০ বজাত সংঘটিত হৈছে এই দুৰ্ঘটনা।

এক ভয়াৱহ দুৰ্ঘটনাই প্ৰাণ ল’লে একেটা পৰিয়ালৰে শিশুসহ ৫গৰাকী সদস্যৰ। তামিলনাডুৰ মাদুৰাইত বুধবাৰে পুৱা প্ৰায় ৬-০০ বজাত সংঘটিত হৈছে এই দুৰ্ঘটনা।

চিচি টিভিত প্ৰত্যক্ষ কৰা অনুসৰি এখন এছ ইউ ভি বিলাসী বাহনে তীব্ৰবেগেৰে আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰে পথৰ গাৰ্জৱালত খুন্দা মাৰি পথ বিভাজক পাৰ হৈ যায়। ফলত বাহনখনৰ ভিতৰত থকা লোকসকলৰ ভিতৰত ৫গৰাকী সদস্যই অকাল মৃত্যুক আঁকোৱালি লয়।

আৰক্ষীৰ ভাষ্য অনুসৰি উক্ত দুৰ্ঘটনাত দুগৰাকী শিশুৰ লগতে ৪গৰাকী প্ৰাপ্তবয়স্ক লোক নিহত হৈছে। ইতিমধ্যে আৰক্ষীয়ে নিহতসকলক চিনাক্ত কৰাৰ কথা ব্যক্ত কৰিছে।

নিহতসকল হৈছে- নিলয়ুৰৰ পাণ্ডি (৩৫), কানাগাভেল (৬২), কৃষ্ণকুনাৰ (৫৬), নাগজোথি(২৮), শিৱ অধমিকা (৮) আৰু শিৱশ্ৰী (৮)। ইয়াৰোপৰি আহতসকলক ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। অৱশ্যে আহতকেইগৰাকীৰ দুজনৰ অৱস্থা একেবাৰেই সংকটজনক বুলি জানিব পৰা গৈছে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে দুৰ্ঘটনাৰ কিয়দংশ চিচি টিভিত দেখা পোৱা গৈছে। এই শিহৰণকাৰী দুৰ্ঘটনাৰ ভিডিঅ’ই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে।

By Sandy

Leave a Reply

Your email address will not be published. Required fields are marked *