বিবাহপাশত আৱদ্ধ হ’ল বলীউডৰ মোহময়ী অভিনেত্ৰী তাপসী পান্নু ৷ যোৱা ২৩ মাৰ্চত উদয়পুৰত এক গোপন অনুষ্ঠানত সমন্ন হয় তাপসী পান্নুৰ বিবাহ। দীৰ্ঘসময়ৰ প্ৰেমিক তথা বেডমিণ্টন খেলুৱৈ মাথায়াছ বোৰ লগত বিবাহপাশত আৱদ্ধ হয় তাপসী ৷

বিবাহপাশত আৱদ্ধ হ’ল বলীউডৰ মোহময়ী অভিনেত্ৰী তাপসী পান্নু ৷ যোৱা ২৩ মাৰ্চত উদয়পুৰত এক গোপন অনুষ্ঠানত সমন্ন হয় তাপসী পান্নুৰ বিবাহ। দীৰ্ঘসময়ৰ প্ৰেমিক তথা বেডমিণ্টন খেলুৱৈ মাথায়াছ বোৰ লগত বিবাহপাশত আৱদ্ধ হয় তাপসী ৷ এই বিবাহৰ অনুষ্ঠানত কেৱল তাপসীৰ কেইগৰাকীমান ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ লোকহে উপস্থিত আছিল বুলি জানিব পৰা গৈছে ৷অৱশ্যে এই বিবাহৰ অনুষ্ঠানত কেইগৰাকীমান তাৰকাৰ সৈতে পৰিচালক অনুৰাগ কাশ্যপ আৰু কণিকা ধীলন উপস্থিত আছে। ইয়াৰ লগতে তাপসীৰ সৈতে থকা ‘থাপ্পড়’ৰ সহ-অভিনেতা পাভেল গুলাটীয়ে এখন বিবাহৰ ফটো শ্বেয়াৰ কৰিছে য’ত ব্যংগ কৰি কেপশ্যনটো লিখা হৈছিল ৷ তাপসীয়ে শীঘ্ৰেই বন্ধু আৰু সহকৰ্মীসকলৰ বাবে মুম্বাইত বিবাহৰ অভ্যৰ্থনা পাৰ্টী আয়োজন কৰিব । এতিয়া সকলোৱে তেওঁলোকৰ বিবাহৰ অভ্যৰ্থনাৰ তাৰিখ ঘোষণা কৰালৈ বাট চাই আছে ।

Taapsee

উল্লেখ্য যে, তাপসী পান্নু আৰু মাথায়াছ বোৱে প্ৰায় ১২ বছৰতকৈও অধিক সময় ধৰি ডেট কৰি আছে । যদিও তেওঁলোকে কেতিয়াও তেওঁলোকৰ সম্পৰ্ক ৰাজহুৱাভাৱে ঘোষণা কৰা নাছিল, তেওঁলোকক প্ৰায়েই একেলগে দেখা গৈছিল৷বিগত কেইসপ্তাহমানৰ পূৰ্বে দুয়োগৰাকীয়ে শিখ-খ্ৰীষ্টান দুয়ো ধৰ্মৰ ৰীতি-নীতি মতে বিবাহ অনুষ্ঠিত কৰিব বুলি বাতৰি প্ৰকাশ হৈছিল । বিবাহৰ পূৰ্বৰ নীতি-নিয়মসমূহ যোৱা ২০ মাৰ্চৰ পৰা আৰম্ভ হৈছিল ৷ তাৰ পিচতে ২৩ মাৰ্চত বিবাহ সম্পন্ন হয়৷

২০১৩ চনত ইণ্ডিয়ান বেডমিণ্টন লীগৰ উদ্বোধনী অনুষ্ঠানত তাপসী পান্নু আৰু মাথায়াছ বোয়ে প্ৰথমবাৰৰ বাবে ইজনে সিজনক লগ পাইছিল ।

By Sandy

Leave a Reply

Your email address will not be published. Required fields are marked *