Deprecated: Function is_staging_site is deprecated since version 3.3.0! Use in_safe_mode instead. in /home/u862694509/domains/sirwiznews.com/public_html/wp-includes/functions.php on line 6078
বহু প্ৰত্যাশিত অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেন্টৰ প্ৰাক বিবাহৰ আজিৰে পৰা আৰম্ভণি... - SirWiz News
Deprecated: Function is_staging_site is deprecated since version 3.3.0! Use in_safe_mode instead. in /home/u862694509/domains/sirwiznews.com/public_html/wp-includes/functions.php on line 6078

ছেহনাই বাজিলে আম্বনী পৰিয়ালত

দেশী-বিদেশী তাৰকাৰে ভৰি পৰিছে জামনগৰ

আজিৰে পৰা আৰম্ভ গুজৰাটৰ জামনগৰত অনন্ত-ৰাধিকাৰ প্ৰাক বিবাহৰ অনুষ্ঠান। ৰাজকীয় কাৰ্য-কলাপেৰে অনুষ্ঠিত কৰা হৈছে বিবাহ অনুষ্ঠিত হ’ব। বহু শীৰ্ষ চেলিব্ৰেটি উপস্থিত হৈছে বিবাহ অনুষ্ছানত অংশগ্ৰহণৰ বাবে। বলীউড-হলীউডৰ তাৰকাৰে ভৰি পৰিছে গুজৰাটৰ জামনগৰ। আজিৰে পৰা ৩ মাৰ্চলৈ চলিব অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰাক-বিবাহৰ অনুষ্ঠান। তাৰ পূৰ্বেই এজন এজনকৈ অতিথিসকল আহিছে জামনগৰলৈ।অনন্ত আৰু ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ইতিমধ্যেই ভাৰত আৰু বিদেশৰ বহু বৃহৎ ব্যক্তিয়ে জামনগৰত উপস্থিত হৈছে । অমিতাভ বচ্চন, ছলমান খান, শ্বাহৰুখ খান, দীপিকা পাডুকন, ৰণবীৰ সিং, ৰাণী মূখাৰ্জীকে ধৰি বহু তাৰকাও জামনগৰত উপস্থিত হৈছে।

অনন্ত আৰু ৰাধিকাৰ বিবাহৰ পূৰ্বৰ উদযাপনত অনুষ্ঠান পৰিৱেশন কৰিবলৈ হলিউডৰ গায়িকা ৰিহানাও উপস্থিত হৈছে। ৰিহানাৰ লগতে অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠানত অৰিজিত সিং, প্ৰীতম, বি প্ৰাক, দিলজিৎ দোসাঞ্জ, হৰিহৰণ আৰু অজয়-অতুলেও গীত পৰিৱেশন কৰা দেখা যাব।

উল্লেখ্য যে, দুয়োৰে বিবাহৰ বহুদিন পূৰ্বেই আৰম্ভ হৈছে বিয়াৰ বিভিন্ন অনুষ্ঠান । এইখিনিতে উল্লেখ কৰিব লাগিব যে, আম্বানী পৰিয়ালৰ প্ৰতিটো শুভ কামৰ আগত খাদ্য পৰিবেশন কৰাৰ প্ৰথা আছে । এনে পৰিস্থিতিত জামনগৰত অনুষ্ঠিত হ’বলগীয়া গ্ৰেণ্ড ৱেডিং আৰু প্ৰি-ৱেডিং অনুষ্ঠানৰ পূৰ্বেও অন্ন সেৱাৰ আয়োজন কৰা হৈছিল ।জামনগৰৰ ৰিলায়েন্স টাউনশ্বিপৰ সমীপৰ জোগৱাদ গাঁৱত মুকেশ আম্বানী, অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ লগতে আম্বানী পৰিয়ালৰ আন সদস্যসকলে গাঁওবাসীক পৰম্পৰাগত গুজৰাটী খাদ্য পৰিবেশন কৰিছিল । ৰাধিকাৰ আইতাক আৰু পিতৃ-মাতৃ বীৰেণ আৰু শৈলা মাৰ্চেণ্টেও অন্ন সেৱাত অংশ লৈছিল । অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াৰ পূৰ্বৰ উদযাপনৰ বাবে স্থানীয় ৰাইজৰ আশীৰ্বাদ বিচাৰি আম্বানী পৰিয়ালে এই অন্ন অনুষ্ঠানৰ আয়োজন কৰে।

By Sandy

Leave a Reply

Your email address will not be published. Required fields are marked *