ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে ধুমুহাৰ তাণ্ডৱ৷ ধুমুহাৰ ফলত ৰাজ্যৰ ভিন্ন স্থানত বৃহৎ ক্ষয়-ক্ষতি হোৱা পৰিলক্ষিত হৈছে৷ ধুমুহাৰ ফলত গুৱাহাটীৰ সমীপৱৰ্তী গড়ভাঙা বনাঞ্চলত হাহাকাৰ পৰিস্থিতি। প্ৰৱল ধুমুহা-বৰষুণৰ ফলত ঘন বনাঞ্চলখনত আবদ্ধ প্ৰায় শ শ লোক।

ধুমুহাৰ ফলত গছ পৰি ক্ষতিসাধন হয় 20 ৰো অধিক পৰ্যটকৰ বাহন । গড়ভাঙাৰ ভালুকজাৰৰ জলপ্ৰপাতত নিশা পৰ্যন্ত শ শ লোক আৱদ্ধ হৈ পৰা বুলি জানিব পৰা গৈছে । ঘটনাস্থলীত বন বিভাগ, উদ্ধাৰকাৰী লোক পলমকৈ উপস্থিত হোৱাৰ অভিযোগ ভুক্তভোগীৰ । দেওবাৰ বাবে কালিৰ দিনটোত বহুলোকৰ সমাগম ঘটিছিল গড়ভাঙাত ।

মহানগৰীৰ সমান্তৰালভাবে যোৰহাটত শিল বৰষুণ আৰু ধুমুহাৰ তাণ্ডৱত নিমিষতে গৃহহীন হৈ পৰে বহু পৰিয়াল । দেওবাৰৰ পুৱতি নিশা অহা এজাক প্ৰচণ্ড ধুমুহাই যোৰহাট নগৰৰ লগতে উপকণ্ঠৰ বহু গাঁৱৰ বিস্তৰ ক্ষতি সাধন কৰে । বিজুলী ঢেৰেকনিৰে অহা প্ৰচণ্ড ধুমুহাই যোৰহাট সদৰ অঞ্চলৰ 1 নং জোনাকী নগৰ, কমাৰবস্তি অঞ্চল, চিনামৰা, ৰূপনগৰ, লিচুবাৰী, উত্তৰ পশ্চিম যোৰহাটকে আদি কৰি অঞ্চলটোৰ বহু পৰিয়ালৰ ঘৰ-দুৱাৰ সম্পূৰ্ণৰূপে ভাঙি চূৰমাৰ কৰাৰ লগতে ঘৰৰ টিনপাত, মুধচ আদি বহু দূৰলৈ উৰুৱাই লৈ যায় ।

যাৰ ফলত ঘৰৰ ভিতৰৰ সকলো বয়-বস্তু নষ্ট হয় । ইয়াৰোপৰি, উক্ত ধুমুহা আৰু শিল বৰষুণৰ ফলত বিদ্যালয় আৰু মহাবিদ্যালয়বোৰৰো বহু ক্ষয়-ক্ষতি হয় বুলি জানিব পৰা গৈছে ৷ লগতে বিভিন্ন ধৰ্মীয় অনুষ্ঠান আৰু ৰাজহুৱা অনুষ্ঠানৰো বিস্তৰ ক্ষতি সাধন হয় । পুৱতি নিশা অহা শিলাবৃষ্টি, ধুমুহাৰ ফলত কৃষি পথাৰৰো বিস্তৰ ক্ষতি হয় ৷

যোৰহাট নগৰত ঘন্টাৰ পিছত ঘন্টা ধৰি বিদ্যুৎ সংযোগ বিছিন্ন হৈ পৰাৰ ফলত নগৰবাসীয়ে এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে ।

By Sandy

Leave a Reply

Your email address will not be published. Required fields are marked *