Deprecated: Function is_staging_site is deprecated since version 3.3.0! Use in_safe_mode instead. in /home/u862694509/domains/sirwiznews.com/public_html/wp-includes/functions.php on line 6078
দেশৰ ৫ গৰাকী বিশিষ্ট ব্যক্তিলৈ ভাৰত ৰত্ন। আজি দেশৰ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিছে ভাৰত ৰত্ন - SirWiz News
Deprecated: Function is_staging_site is deprecated since version 3.3.0! Use in_safe_mode instead. in /home/u862694509/domains/sirwiznews.com/public_html/wp-includes/functions.php on line 6078

আজি দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে পূৰ্বৰ প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাও, চৌধুৰী চৰণ সিং, বিহাৰৰ ভূতপূৰ্ব প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্পুৰী ঠাকুৰ আৰু সেউজ বিল্পৱৰ জন্মদাতা এম এছ স্বামীনাথনক মৰোণোত্তৰভাৱে প্ৰদান কৰিলে ভাৰত ৰত্ন সন্মান। অৱশ্যে ভাৰত ৰত্ন সন্মান ঘোষণা কৰা বিজেপিৰ পূৰ্বৰ সভাপতি, অটল বিহাৰী মন্ত্ৰীসভাৰ উপ-প্ৰধানমন্ত্ৰী লাল কৃষ্ণ আদৱানীক এই অনুষ্ঠানত দেশৰ সৰ্বোচ্চ সন্মান প্ৰদান কৰা হোৱা নাই।

শাৰীৰিক অসুস্থতাৰ বাবে ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হ’ব নোৱাৰা আদৱানীক দেওবাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ বাসগৃহলৈ গৈ তাতেই তেওঁক আনুষ্ঠানিকভাৱে প্ৰদান কৰিব ভাৰত ৰত্ন সন্মান। উল্লেখ্য, কেন্দ্ৰীয় চৰকাৰে এইবাৰ মুঠ ৫ জন ব্যক্তলৈ আগবঢ়াইছে ভাৰত ৰত্ন সন্মান।

যোৱা ৩ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৯৬ বছৰীয়া লাল কৃষ্ণ আদৱানীক ভাৰত ৰত্ন দিয়াৰ কথা ঘোষণা কৰিছিল। নতুন যুগৰ প্ৰৱৰ্তক হিচাপে বিখ্যাত পূৰ্বৰ প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাও। তেওঁৰ দিনতে উদাৰীকৰণ নীতি গ্ৰহণ কৰা হৈছিল। যি নীতিয়ে দেশৰ অৰ্থ ব্যৱস্থালৈ ব্যাপক পৰিৱৰ্তন আনিছিল।

সেইদৰে চৌধুৰী চৰণ সিং আছিল কৃষক দৰদী। দেশৰ পঞ্চম প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙে কৃষকৰ হিতৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বাবে তেওঁক মৰণোত্তৰভাৱে এই সন্মান প্ৰদান কৰা হৈছে। কৃষি ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবেই এম এছ স্বামী নাথনকো ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হৈছে। এম এছ স্বামী নাথন আছিল সেউজ বিপ্লৱৰো জন্মদাতা।

বিহাৰৰ ভূতপূৰ্ব প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্পুৰী ঠাকুৰক জননায়ক হিচাপে জনা যায়। তেওঁ দুবাৰৰ বিহাৰৰ মুখ্যমন্ত্ৰী আৰু এবাৰ আছিল উপ-মুখ্যমন্ত্ৰী। অতি সৰল জীৱন প্ৰণালীৰ লগতে উচ্চ চিন্তাৰ গৰাকী এইগৰাকী নেতাৰ নাম কেৱল বিহাৰৰ ৰাজনীতিতে নহয় দেশৰ ৰাজনীতিতে সন্মানেৰে লোৱা হয়।

আজি ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হোৱা বঁটা প্ৰদান অনুষ্ঠানত চৌধুৰী চৰণ সিঙৰ হৈ নাতি জয়ন্ত সিঙে, পি ভি নৰসিংহ ৰাওৰ হৈ পুত্ৰ পি ভি প্ৰভাকৰ ৰাওৱে, কৰ্পুৰী ঠাকুৰৰ হৈ পুত্ৰ ৰাম নাথ ঠাকুৰে আৰু এম এছ স্বামী নাথনৰ হৈ তেওঁৰ কন্যা নিত্যা ৰাওৱে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে এই সন্মান। বঁটা প্ৰদান অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়কে ধৰি কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকে।

By Sandy

Leave a Reply

Your email address will not be published. Required fields are marked *