দেশত সংঘটিত হ’ল ভয়াৱহ ৰেল দুৰ্ঘটনা। ৰাজস্থানৰ আজমেৰত সংঘটিত হৈছে এই ঘটনা। দেওবাৰে মাজনিশা দুখন ৰে’লৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত সৱৰমতী এক্সপ্ৰেছ নামৰ যাত্ৰীবাহী ৰে’লখনৰ ইঞ্জিনসহ ৪টা ডবা লাইনচ্যুত হয়। ফলত কেইবাগৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হয়।


উক্ত ঘটনা সংঘটিত হোৱাৰ পাছতে স্থানীয় লোকে খবৰ দিয়াত উদ্ধাৰকাৰী দল আহি ঘটনাস্থলী মাদাৰ ৰে’ল ষ্টেচনৰ সমীপত উপস্থিত হয়। এই দুৰ্ঘটনীত আঘাতপ্ৰাপ্ত যাত্ৰীসকলক ততাতৈয়াকৈ উদ্ধাৰকাৰী দলে হাস্পতাললৈ প্ৰেৰণ কৰে। অৱশ্যে দুৰ্ঘটনাটোত সৌভাগ্যক্ৰমে কোনো লোক নিহত হোৱাৰ নাই।

By Sandy

Leave a Reply

Your email address will not be published. Required fields are marked *