টাটা গ্ৰুপে ২৭ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিব এই ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ, য’ত ৩০ হাজাৰৰো অধিক নিয়োগ সৃষ্টিৰ সম্ভাৱনা আছে।

জাগীৰোডত টাটাৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰ্চুৱেলী এই অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। টাটা গ্ৰুপে ২৭ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিব এই ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ, য’ত ৩০ হাজাৰৰো অধিক নিয়োগ সৃষ্টিৰ সম্ভাৱনা আছে।

এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘আজিৰ এই দিনটো এক ঐতিহাসিক দিন। আজি আমি ইতিহাস ৰচনা কৰিছো, উজ্জ্বল ভৱিষ্যতৰ দিশে এক ডাঙৰ শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছো। আজি ছেমি কণ্ডাক্টৰ মেনুফেকচাৰিঙৰ সৈতে জড়িত তিনিটা ডাঙৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন হ’ল। অসমৰ মৰিগাঁৱত ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ সুবিধাই ভাৰতক ছেমি কণ্ডাক্টৰ মেনুফেকচাৰিঙৰ বৃহৎ গ্ল’বেল হাব কৰি তোলাত সহায় কৰিব। মই দেশবাসীক এই গুৰুত্বপূৰ্ণ আৰম্ভণিৰ বাবে, শক্তিশালী পদক্ষেপৰ বাবে অভিনন্দন জনাইছো।’’

অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘আজিৰ দিনটোত দেশত তিনিটা ছেমি কণ্ডাক্টৰৰ আধাৰ শিলা স্থাপন হ’ল। ইয়াৰে এটা জাগীৰোডত স্থাপন হ’ব। ২৭ হাজাৰ কোটি টকা ব্যয় কৰা হ’ব অসমৰ ছেমি কণ্ডাক্টৰত। ১৫ হাজাৰ প্ৰত্যক্ষ ১৫ হাজাৰ পৰোক্ষ নিয়োগ সৃষ্টি হ’ব এই প্ৰকল্পত।’’

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়,”পিছপৰি থকা অসম আজি উদ্যোগিক মানচিত্ৰত সংযোগ হ’ল। এদিন মোক এজন ৰাজনীতিকে সমালোচনা কৰিছিল, টাটাৰ এনে প্ৰকল্প অসমত হ’ব পাৰে নেকি বুলি প্ৰশ্ন কৰিছিল। কিন্তু আজি আমাৰ এই সপোন পূৰণ হ’ল। ইতিবাচক চিন্তাৰে অসম আগুৱাই যাব পাৰে। ধৰ্ণা, প্ৰতিবাদে অসম আগুৱাই যাব নোৱাৰে। অসমৰ বাবে আজিৰ দিনটো শেষ দিন নহয়, অসমৰ বাবে আজি আৰম্ভণিৰ দিন। হিন্দুস্তান পেপাৰ মিল বন্ধৰ সময়ত ভাৱিছিলো এই স্থানত কিদৰে উন্নয়ন হ’ব। এই প্ৰকল্পৰে উন্নয়নৰ নতুন দিগন্তলৈ লৈ যাম অসমক।’’

By Sandy

Leave a Reply

Your email address will not be published. Required fields are marked *