গুৱাহাটী মহানগৰীত আৰক্ষী আৰু কামাণ্ডো বাহিনীৰ সমৰসজ্জা । চৌদিশে কটকটীয়া নিৰাপত্তা বেষ্টনী। প্ৰশ্ন হৈছে হঠাতে গুৱাহাটী মহানগৰীৰ চৌদিশে কিয় এনেদৰে নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে । স্বাভাৱিকতে এই প্ৰশ্নৰ অৱতাৰণা হৈছে যদিও ইয়াৰ উত্তৰ হৈছে নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ । লোকসভা নিৰ্বাচনৰ পূৰ্বে ‘কা’ বলৱৎ কৰাৰ বাবে সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ । সমান্তৰালকৈ ‘কা’ বিৰোধিতাৰে ব্যাপক আন্দোলন গঢ়ি তোলাৰ বাবেও সাজু হৈছে ৰাজ্যৰ বিভিন্ন দল-সংগঠনো । যাৰ বাবেই গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যজুৰি অভেদ্য নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ।

ইফালে এই অভেদ্য নিৰাপত্তা ব্যৱস্থাৰ প্ৰসংগত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে আজি এটা টুইট কৰে । অৱশ্যে তেওঁ টুইটত ‘কা’ৰ প্ৰসংগ উল্লেখ কৰা নাই যদিও গুৱাহাটীবাসীক সুৰক্ষিত কৰি ৰখাৰ বাবে সাজু হৈ থকাৰ কথা উল্লেখ কৰিছে।

উল্লেখ্য যে, আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৪২ খন আলোকচিত্ৰ আপলোড কৰি আৰক্ষী আৰু কামাণ্ডো বাহিনী সাজু হৈ থকাৰ কথা উল্লেখ কৰিছে। প্ৰতিবাদ দমন কৰাৰ ক্ষেত্ৰত যেন অলপো ত্ৰুটি নাথাকে । যিকোনো মুহূৰ্ততে দমন কৰিব পাৰিব যিকোনো প্ৰতিবাদ । তাৰ বাবে সাজু হৈ থকাৰ দিশটো তেওঁ আলোকচিত্ৰৰ মাধ্যমেৰে বুজাই দিছে ।

উল্লেখ্য যে, কংগ্ৰেছৰ নেতৃত্বত ১৬ টা বিৰোধী ৰাজনৈতিক দলে গঠন কৰা বিৰোধী ঐক্য মঞ্চই বুধবাৰে ‘কা’ৰ বিৰোধীতাৰে অসম বন্ধকে ধৰি বিভিন্ন আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছিল । এই ঘোষণাৰ পাচতে বৃহস্পতিবাৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এটা বিশেষ টুইট কৰিছিল । একপ্ৰকাৰ সতৰ্কবাণী শুনাই জি পি সিঙে অসম বন্ধৰ আহ্বান কৰিলে ১৬৪৩ কোটি টকাৰ ক্ষতিপূৰণ দিব লাগিব বুলি সদৰি কৰিছিল ।

By Sandy

Leave a Reply

Your email address will not be published. Required fields are marked *