এক মৰ্মান্তিক ঘটনাই জোকাৰী গ’ল মহানগৰী। গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। শুকুৰবাৰে খ্ৰীষ্টানবস্তীৰ এটা ভাড়াঘৰৰ পৰা উদ্ধাৰ হয় এগৰাকী যুৱতীৰ মৃতদেহ।

এক মৰ্মান্তিক ঘটনাই জোকাৰী গ’ল মহানগৰী। গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। শুকুৰবাৰে খ্ৰীষ্টানবস্তীৰ এটা ভাড়াঘৰৰ পৰা উদ্ধাৰ হয় এগৰাকী যুৱতীৰ মৃতদেহ।
৷খ্ৰীষ্টানবস্তিৰ অমৰাৱতী এপাৰ্টমেণ্টত উদ্ধাৰ তৃষ্ণা কাকতি নামৰ এগৰাকী যুৱতীৰ মৃতদেহ ৷ জানিব পৰা মতে, বিষ্ণু দেৱ কোচ নামৰ এজন ব্যক্তিৰ সৈতে লিভ ইনত আছিল মডেল তৃষ্ণা কাকতি ।

মন কৰিবলগীয়া যে, বিষ্ণু দেৱ কোচ পূৰ্বে বিবাহিত হৈয়ো প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰি গৈছিল তৃষ্ণা কাকতিৰ সৈতে । মৰিগাঁৱত বিষ্ণু দেৱ কোঁচৰ আছে পত্নী আৰু সন্তান । প্ৰাপ্ত খবৰ অনুসৰি, বিয়াৰ বাবে তৃষ্ণাই বাৰে বাৰে হেঁচা প্ৰযোগ কৰিছিল বিষ্ণু দেৱ কোঁচক । সেই কথা মানি ল’ব বিচৰা নাছিল বিষ্ণু দেৱ কোঁচে ।

এতিয়া মডেল তৃষ্ণা কাকতিয়ে আত্মহত্যা কৰিলে নে তেওঁক হত্যা কৰা হ’ল তাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে । ইপিনে দিছপুৰ আৰক্ষীয়ে আটক কৰিছে বিষ্ণু দেৱ কোচক । আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, বিষ্ণু দেৱ কোচৰ খ্ৰীষ্টানবস্তিৰ অমৰাৱতী এপাৰ্টমেণ্টত থকা ফ্লেটত দীৰ্ঘদিন ধৰি ভাড়াতীয়া হিচাপে আছিল তৃষ্ণা কাকতি । মাজে মাজে দুয়োৰে মাজত বিবাহক লৈয়ো কাজিয়া হৈছিল ।

কাজিয়াৰ বাবেই তৃষ্ণাই আত্মহত্যা কৰিছে বুলি আৰক্ষীৰ সন্মুখত বিষ্ণু দেৱ কোচে প্ৰকাশ কৰিছে যদিও আৰক্ষীয়ে ঘটনা সন্দৰ্ভত দিছপুৰ থানাত ২৩২ /২৪ নম্বৰত গোচৰ ৰুজু কৰি হত্যা নে আত্মহত্যা তাৰ তদন্ত অব্যাহত ৰাখিছে ।

By Sandy

Leave a Reply

Your email address will not be published. Required fields are marked *