কলকাতাৰ পূৱ-পশ্চিম মেট্ৰ’ৰ ৪.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৱাণ্ডাৰ ৱাটাৰ প্ৰকল্পৰ বাবে ব্যয় কৰা হৈছে মুঠ ৪ হাজাৰ ৯৬৫ টকা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি কলকাতাত উদ্বোধন কৰিলে দেশৰ প্ৰথমটো আণ্ডাৰ ৱাটাৰ মেট্ৰ’ সেৱা। ৫ দিনৰ ভিতৰতে দ্বিতীয়বাৰৰ বাবে কলকাতা ভ্ৰমণলৈ অহা প্ৰধানমন্ত্ৰী মোডীয়ে আজি মুঠ ১৫ হাজাৰ ৪০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা বহু কেইটা প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে বহু কেইটা নতুন প্ৰকল্পৰ শিলন্যাস কৰিব। প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰা দেশৰ প্ৰথমটো আণ্ডাৰ ৱাটাৰ মেট্ৰ’ সেৱা হৈছে কলকাতা মেট্ৰ’ৰ ইষ্ট-ৱেষ্ট কৰিড’ৰৰ হাওৰা মৈদান-এছপ্লেনেড খণ্ড। কলকাতাৰ পূৱ-পশ্চিম মেট্ৰ’ৰ ৪.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৱাণ্ডাৰ ৱাটাৰ প্ৰকল্পৰ বাবে ব্যয় কৰা হৈছে মুঠ ৪ হাজাৰ ৯৬৫ টকা।

উল্লেখ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল ভ্ৰমণৰ বাবে ১০ টা দিন নিৰ্ধাৰণ কৰিছে। ইয়াৰে অংশ হিচাপে কলকাতাত আজি এই আণ্ডাৰ ৱাটাৰ প্ৰকল্প উদ্বোধন কৰা হৈছে। ইয়াৰোপৰি তেওঁ আজি পুনেৰ মেট্ৰ’ ৰে’ল প্ৰকল্পৰ পিম্পৰী চিলৱাৰ আৰু নিগ্ৰীৰ মাজৰ প্ৰথম পৰ্যায়ৰ সম্প্ৰসাৰণৰ কামৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ শুভাৰম্ভ কৰিব আগ্রা মেট্ৰ’ খণ্ডৰ।

এই উদ্বোধনী অনুষ্ঠানৰ পাছত প্ৰধানমন্ত্ৰীয়ে পশ্চিমবংগৰ উত্তৰ পৰগানা জিলাৰ বাৰাচাৰ্টত এখন জনসভা সম্বোধন কৰিব। প্ৰধানমন্ত্রীগৰাকীয়ে মঙ্গলবাৰে উৰিষ্যাৰ পৰা চিধাই আহি কলকাতাত উপস্থিত হৈ নিশা ৰাজভৱনত অতিবাহিত কৰিলে। আজিৰ এই মেট্ৰ’ সেৱা উদ্বোধন কৰাৰ সময়ত তেওঁক সংগ দিয়ে ৰাজ্যপাল চি ভি আনন্দ বসু। অৱশ্যে এই অনুষ্ঠানত অংশগ্ৰহণ নকৰিলে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।

By Sandy

Leave a Reply

Your email address will not be published. Required fields are marked *