আজি অসমলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং । নিৰ্বাচনকেন্দ্ৰিক দলীয় অনুষ্ঠানত অংশগ্ৰহণৰ উদ্দেশ্যে অসমলৈ আহিব বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকী ৷ বিজেপিৰ প্ৰাৰ্থীৰ হৈ নহয়, মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমষ্টিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব ৰাজনাথ সিঙে । নিৰ্বাচনমুখৰ পৰিৱেশৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া ভ্ৰমণৰ পিচতে শীঘ্ৰেই অসমলৈ আহিব বিজেপি জ্যেষ্ঠ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷

বৃহস্পতিবাৰে দুটাকৈ দলীয় কাৰ্যসূচী লৈ অসমলৈ আহিব বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকী । বৰপেটা আৰু কোকৰাঝাৰত তেওঁ দুখনকৈ সভাত অংশগ্ৰহণ কৰিব । ৰাজনাথ সিঙৰ ভ্ৰমণক লৈ বৰপেটা আৰু কোকৰাঝাৰত পূৰ্ণ প্ৰস্তুতি চলাইছে বিজেপি আৰু মিত্ৰজোঁটৰ কৰ্মীসকলে । ইতিমধ্যেই সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে শাসকীয় মিত্ৰজোঁটৰ কৰ্মকৰ্তাসকলে ৷

লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ এখনৰ পিছত আনখন জনসভা। অসমত ভিৰ কৰিছে এগৰাকীৰ পিছত আনগৰাকী বিজেপিৰ কেন্দ্ৰীয় নেতাই। আজি অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং। বৰপেটাত ক্লাষ্টাৰ সভাত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। এই সভাত ৬৫ হাজাৰ লোকে অংশগ্ৰহণ কৰিব। বৰপেটা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ প্ৰচাৰ চলাবৰ বাবে আহিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। সভাৰ জৰিয়তে বৰপেটা সমষ্টিত নিৰ্বাচনী ৰণশিঙা বজাব ৰাজনাথ সিঙে।

তেওঁ জনসভাত অংশগ্ৰহণ কৰিবলগীয়া কোকৰাঝাৰ সমষ্টিটো এৰি দিছে ইউপিপিএলক আৰু বৰপেটা সমষ্টিটো এৰি দিছে মিত্ৰদল অসম গণ পৰিষদক ৷ কোকৰাঝাৰত ইউপিপিএল দলে জয়ন্ত বসুমতাৰীক প্ৰাৰ্থিত্ব দিয়াৰ বিপৰীতে বৰপেটা সমষ্টিত প্ৰাৰ্থী অগপৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী ।

কেৱল ৰাজনাথ সিঙেই নহয় ৷ অসমৰ মুঠ ১৪ টা লোকসভা সমষ্টিতেই নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহিব ৰাজনাথ সিঙৰ উপৰিও গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাকে ধৰি বিজেপিৰ বহুকেইগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ জ্যেষ্ঠ নেতা ।

By Sandy

Leave a Reply

Your email address will not be published. Required fields are marked *