অৱশেষত মুকলি হ’ল বহু প্ৰতীক্ষিত চেলা সুৰংগ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে চেলা পাছৰ সুৰংগ ইটানগৰৰ পৰা ভাৰ্ছুৱেলী মুকলি কৰে। অনুষ্ঠানত উপস্থিত থাকে  অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু।

উল্লেখযোগ্য যে ছেলা সুৰংগটো ক্ৰমে ১০০৩ মিটাৰ আৰু ১৫৯৫ মিটাৰ দৈৰ্ঘ্যৰ দুটা সুৰংগৰে গঠিত।৮.৬ কিলোমিটাৰ এপ্ৰ’চ আৰু লিংক ৰোড ৮২৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। দ্বিতীয় সুৰংগটোত আন্তঃৰাষ্ট্ৰীয় নীতি অনুসৰি মূল সুৰংগটোৰ কাষতে এটা পৃথক সুৰংগ পথ আছে। মূল নলীৰ সমান্তৰালভাৱে নিৰ্মিত এস্কেপ টিউবটো প্ৰতি ৫০০ মিটাৰৰ পিছত মূল সুৰংগৰ সৈতে সংযুক্ত কৰা হৈছে। জৰুৰীকালীন অৱস্থাত এই পৃথক সুৰংগ পথৰ সহায়ত উদ্ধাৰকাৰী বাহন স্থানান্তৰ আৰু আৱদ্ধ লোকক উদ্ধাৰৰ বাবে ব্যৱহাৰ কৰা হব। গতিবেগ প্ৰতি ঘণ্টাত ৮০ কিলোমিটাৰে প্ৰতিদিনে ৩০০০ গাড়ী আৰু ২০০০ ট্ৰাক চলাতল কৰিব পৰাকৈ এই সুৰংগটোৰ নিৰ্মাণ কৰা হৈছে।

সাগৰপৃষ্ঠৰ পৰা ১৩,০০০ ফুট উচ্চতাত নিৰ্মাণ কৰা হৈছে চেলা সুৰংগ। তেজপুৰৰ পৰা টাৱাং সংযোগী পথ আৰু চেলা পাছক ১৩,৭০০ ফুট উচ্চতাত বাইপাছেৰে সংযোগ কৰিব। বালিপৰা-চাৰিদুৱাৰ-টাৱাং ৰোডৰ ওপৰত এই সুৰংগ নিৰ্মাণ কৰা হৈছে। অতি উচ্চতাৰ দ্বি-লেনযুক্ত এই সুৰংগ মুকলিৰ লগে লগে ই গীনিজ ৱৰ্ল্ড ৰেকৰ্ডতো অন্তৰ্ভুক্ত হৈছে। কিয়নো এই উচ্চতাত বৰ্তমানলৈকে কোনো সুৰংগ নিৰ্মাণ হোৱা নাই।

উল্লেখ্য যে, ইয়াৰ অবিহনে ১৪ হাজাৰ ফুট উচ্চতাৰ চেলা পাছৰ ওপৰেৰে টাৱাঙৰ সৈতে সংযোগ স্থাপন কৰাটো শীতকালত কমেও তিনিৰ পৰা চাৰি মাহৰ বাবে সেনাবাহিনীৰ বাবে এক বৃহৎ লজিষ্টিক প্ৰত্যাহ্বানৰ সৃষ্টি কৰে । ইয়াৰ ফলত ভাৰতীয় সেনাৰ চতুৰ্থ কৰ্পছৰ মুখ্য কাৰ্যালয় তেজপুৰৰ পৰা টাৱাঙলৈ যাত্ৰাৰ সময় কমেও ১০ কিলোমিটাৰ আৰু এঘণ্টা হ্ৰাস পায় । ইয়াৰ উপৰিও ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথক যিকোনো বতৰতে ব্যৱহাৰ কৰিব পৰা যাব ।

By Sandy

Leave a Reply

Your email address will not be published. Required fields are marked *