বৃহস্পতিবাৰে পুৱা হাৰিয়ানাৰ নৰনাউলত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। জি এল পাব্লিক স্কুলৰ এখন বাছ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত ৬টা শিশুৰ মৃত্যু হোৱাৰ লগতে ২০জনকৈও অধিক আহত হয়। বাছখনত মুঠ ৩৫ৰ পৰা ৪০ টা শিশু আছিল।

জিলা প্ৰশাসনৰ তথ্য অনুসৰি আহত ১২ গৰাকী ছাত্ৰ-ছাত্ৰীক স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হযৈছে। সংকটজনক অৱস্থাত আন দুজনক ৰোহটক চিকিৎসালয়লৈ উন্নত চিকিৎসাৰ বাবে স্থানান্তৰ কৰা হৈছে। উল্লেখযোগ্য যে আজি স্থানীয় বন্ধৰ দিনাও বিদ্যালয় খোলা ৰাখিছিল বিদ্যালয় কৰ্তৃপক্ষই।

উল্লেখ্য যে,  জিএল পাব্লিক স্কুল নামৰ ব্যক্তিগত বিদ্যালয়খনৰ প্ৰায় ৩৫ ৰ পৰা ৪০ গৰাকী শিক্ষাৰ্থী বাছখনেৰে যাত্ৰা কৰি আছিল । আজি চৰকাৰী বন্ধ স্বত্বেও বিদ্যালয়খন খোলা আছিল । বাছখনে যাত্ৰা কৰাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই এডাল গছত খুন্দা মাৰাৰ ফলত বাছখন বাগৰি পৰে ।

দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ এটা ঘটনাস্থলীত উপস্থিত হয় । আহত ছাত্ৰ-ছাত্ৰীসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । অৱশ্যে দুৰ্ঘটনাটোৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ।

কিছুমানে সন্দেহ কৰা মতে দুৰ্ঘটনাটোৰ সময়ত বাছ চালকজনে সুৰাপান কৰি আছিল । ইতিমধ্যে চালকজনৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে । প্ৰতিবেদনৰ পিচতহে চালকজনে সুৰাপান কৰিছিল নে নাই ক’ব পৰা যাব । দুৰ্ঘটনাটোৰ পিচতে সমগ্ৰ ৰাজ্যখনত শোকৰ ছাঁ পৰিছে ।

মদ্যপান কৰি চলোৱা চালকজনে বাছখনৰ নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰাৰ ফলত সংঘটিত হয় দুৰ্ছটনাটো। উল্লেখযোগ্য যে বাছখনৰ ফিটনেছ চাৰ্টিফিকেটৰ ম্যাদ ৬বছৰ পূৰ্বে ২০১৮ চনত শেষ হৈছিল।



By Sandy

Leave a Reply

Your email address will not be published. Required fields are marked *

Exit mobile version