এক লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰী গল বিহাৰৰ মতিহাৰী জিলাক। বাৰে বাৰে বিভিন্ন অপৰাধমূলক ঘটনাক লৈ নাম চৰ্চাত থকা চম্পাৰণত এইবাৰ ৪টাকৈ নৃসংশ হত্যাকাণ্ড।

শুকুৰবাৰে পুৱা বিহাৰৰ  মতিহাৰী জিলাৰ পাহাৰপুৰ আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত বাবাৰিয়া গাঁৱত এগৰাকী মহিলা আৰু তিনিগৰাকী কন্যাক নিৰ্মমভাৱে ডিঙি ৰেপি হত্যা কৰাৰ ঘটনা পোহৰলৈ আহে ৷ এই ঘটনাৰ তথ্য পোৱাৰ পিচত, গাওঁবাসীয়ে ঘটনাস্থলীত ভিৰ কৰি লগে লগে আৰক্ষীক খবৰ দিয়ে ৷ একেলগে চাৰিগৰাকীক এনেদৰে তেজেৰে লুটুৰি পুটুৰি হৈ পৰি থকা দেখা পাই গাওঁবাসী হতবাক হৈ পৰে । এই ঘটনা সংঘটিত কৰা চাইক’ কিলাৰটো ইদু আনচাৰী বুলি জানিবলৈ পৰা গৈছে ।

জানিব পৰা অনুসৰি ইদু আনছাৰীয়ে হত্যা কৰা পত্নীগৰাকী তেওঁৰ দ্বিতীয় পত্নী আছিল। ইয়াৰ পূৰ্বে, তেওঁৰ প্ৰথম পত্নী অসুস্থতাৰ বাবে মৃত্যুক আকোৱালি লৈছিল । প্ৰথম পত্নীৰ মৃত্যুৰ পিচত, তেওঁ দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হয় । তেওঁৰ প্ৰথম পত্নীৰ দুজন পুত্ৰ আছে, তেওঁলোকে বাহিৰত থাকে ৷ তেওঁৰ দ্বিতীয় পত্নীৰ চাৰিগৰাকী কন্যা আছিল ৷

উল্লেখ্য যে, ইদু আনছাৰী চাৰি বছৰৰ পূৰ্বে তেওঁৰ পৰিয়ালৰ সৈতে মতিহাৰী জিলাৰ বাবাৰিয়া গাঁৱলৈ স্থানান্তৰিত হৈছিল । প্ৰাপ্ত তথ্য অনুসৰি, ইদুৱে কেইবছৰমানৰ পূৰ্বে চলন্ত ৰে’লৰ পৰা দলিয়াই তেওঁৰ এগৰাকী কন্যাক হত্যা কৰিছিল । ঘটনা অনুসৰি, ইদুৱে পৰিয়ালৰ সৈতে ৰে’লেৰে দিল্লীৰ পৰা আহি আছিল । সেই সময়তে, ইদুৱে কন্যাক ৰেলৰ পৰা দলিয়াই দিছিল, য’ত ছোৱালীগৰাকীৰ মৃত্যু হৈছিল । এই ঘটনাৰ সন্দৰ্ভত ইদুৱে উত্তৰ প্ৰদেশৰ সীতাপুৰ কাৰাগাৰত কাৰাবাস খাটি আছিল ৷ আজিৰ পৰা ছয়মাহৰ পূৰ্বে কাৰাগাৰৰ পৰা মুকলি হৈ ইদু ঘৰলৈ উভতি আহিছিল ৷এতিয়া ৰমজান মাহ চলি আছে ৷ বৃহস্পতিবাৰৰ নিশা ইদু আনছাৰীয়ে তেওঁৰ পৰিয়ালৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ পিচত শুবলৈ গ’ল ৷ যেতিয়া ইদুৰ পত্নী আৰু কন্যা গভীৰ টোপনিত আছিল, ইদুৱে উঠি প্ৰথমে তেওঁৰ পত্নী আৰু তাৰ পিচত তিনি কন্যাক ডিঙি কাটি হত্যা কৰিছিল ৷গাওঁবাসীয়ে পুৱালৈ ঘৰৰ পৰা কোনো ওলাই নহা দেখি সন্দেহ কৰে ৷ তেওঁলোকে ঘৰলৈ ভিতৰলৈ গৈ চাওঁতে দেখে যে, ইদুৰ দ্বিতীয় পত্নী আফৰিনা খাতুন (৩৫) আৰু তেওঁলোকৰ তিনি কন্যা ১৪ বছৰীয়া আব্ৰুন, ১২ বছৰীয়া শ্ব্ৰুন আৰু ৯ বছৰীয়া শ্বেহজাদিৰ মৃতদেহ ঘৰৰ ভিতৰত তেজেৰে লুটুৰি পুতুৰি হৈ পৰি আছিল ৷ ঘৰৰ মজিয়াত তেজে ডোঙা বান্ধিছিল ৷ঘটনা সন্দৰ্ভত ডিএছপি, আৰেৰাজ ৰঞ্জন কুমাৰে কয়, “প্ৰাথমিক তদন্তত প্ৰকাশ পোৱা অনুসৰি, ঘটনাটোৰ কাৰণ হৈছে স্বামী আৰু পত্নীৰ মাজত হোৱা বিবাদ । অভিযুক্তটোৱে ইয়াৰ পূৰ্বেও তেওঁৰ কন্যাক চলন্ত ৰে’লৰ পৰা দলিয়াই দিছিল, য’ত কন্যাগৰাকীৰ মৃত্যু হৈছিল । ইদুৱে ইতিমধ্যে এই ঘটনাৰ বাবে কাৰাগাৰত কাৰাবাস খাটিছে । মুকলি হোৱাৰ পিচত, ইদুৱে পুনৰ এনে ঘটনা সংঘটিত কৰিছে । বৰ্তমান, এফ.এছ.এল. আৰু কুকুৰ দল ঘটনাস্থলীত উপস্থিত হৈছে আৰু অনুসন্ধান অব্যাহত ৰাখিছে ৷”

By Sandy

Leave a Reply

Your email address will not be published. Required fields are marked *

Exit mobile version