ৰাছিয়াৰ মস্কো চহৰত ভয়ংকৰ প্ৰাণঘাতি আক্ৰমণ। চহৰখনৰ কনচাৰ্ট হলত দুৰ্বৃত্তই বোমা বিস্ফোৰণ কৰাৰ লগতে ধাৰাষাৰ গুলীবৰ্ষণ কৰে। ফলত ৬০ জনকৈ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ১৫০ জন লোক আহত হৈছে। আহতসকলৰ ভিতৰতো বহুতৰে অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, শুকুৰবাৰে মস্কো চহৰৰ কনচাৰ্ট হলত সন্ত্ৰাসবাদী সংগঠন আই এছ আই এছ আই এছে এই আক্ৰমণ সংঘটিত কৰে। সন্ত্ৰাসবাদী সংগঠনটোৰ এই আক্ৰমণ বিগত বছৰসমূহত হোৱা আক্ৰমণৰ ভিতৰত আটাইতকৈ ভয়ংকৰ বুলি চিহ্নীত হৈছে।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি কনচাৰ্ট হলত কেইবাজনো বন্দুকধাৰী প্ৰৱেশ কৰি প্ৰথমে বিস্ফোৰণ কৰে আৰু তাৰ পাছত নিৰ্বিচাৰ গুলীচালনা আৰু স্প্ৰে’ কৰে। ফলত হলৰ বহু লোক আহত হোৱাৰ লগতে মৃত্যুক সাৱটি লয়।

তাৎপৰ্যপূৰ্ণভাৱে এই আক্ৰমণ এনে এটা সময়ত সংঘটিত হৈছে যিসময়ত ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতি হিচাপে মাত্ৰ কিছুদন পূৰ্বে পুনৰ নিৰ্বাচিত হৈছে ভ্লাদিমিৰ পুটিন। একেদৰে ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে কৰি থকা যুদ্ধয়ো তৃতীয় বছৰত প্ৰৱেশ কৰিছে। ইতিমধ্যে ৰাছিয়াই চৰকাৰীভাৱে এই ঘটনাক দেশখনৰ বৃহৎ ট্ৰেজেডী আখ্যা দিছে।

এই আক্ৰমণ সন্দৰ্ভত ৰাছিয়াৰ নিৰাপত্তা সংস্থা ফেডাৰেল ছিকিউৰিটি চাৰ্ভিছে জনাইছে আক্ৰমণত নিহতৰ প্ৰকৃত সংখ্য এতিয়াও প্ৰকাশ কৰিব পৰা হোৱা নাই। আক্ৰমণকাৰীয়ে প্ৰথমো বোমা নিক্ষেপ কৰাত কনচাৰ্ট হলত বৃহৎ অগ্নিকাণ্ডও সংঘটিত হয়।

৬ হাজাৰ লোক একেলগে বহিব পৰা এই বিশাল হলটোত আক্ৰমণৰ সময়ত আছিল ৰাছিয়াৰ প্ৰখ্যাত ৰকবেণ্ড পিকনিকৰ কনাচাৰ্ট। সেয়ে এই আক্ৰমণত হতাহতিৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে।

আক্ৰমণৰ পাছতে গৰিষ্ঠ সংখ্যক দৰ্শকেই নিজৰ প্ৰাণ ৰক্ষা কৰি পলাবলৈ সক্ষম হয় যদিও বহু সংখ্যক দৰ্শক হলটোত আৱদ্ধ হৈ পৰে। এই আক্ৰমণৰ পাছতে ৰাছিয়াৰ সৰ্বত্ৰে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।

ৰাছিয়াত নিৰ্ধাৰিত সকলো গণ সমাৱেশ, ৰাজহুৱা অনুষ্ঠান বাতিল কৰা হৈছে। বিমান বন্দৰ, ৰে’ল ষ্টেচন, বাছ আস্থান সকলোতে নিৰাপত্তাৰ বেহু তৈয়াৰ কৰা হৈছে। উল্লেখ্য যে, ৰাছিয়াত এনে এক ভয়ংকৰ আক্ৰমণৰ পূৰ্বানুমান কৰিছিল আমেৰিকাই।সেয়ে মাৰ্চৰ প্ৰথম সপ্তাহতে ৰাছিয়াস্থিত আমেৰিকাৰ দূতাবাসে এক বিবৃতি জাৰি কৰি ৰাছিয়াত থকা মাৰ্কিন লোকসকলক মস্কোৰ অধিক জনসমাগম হোৱা স্থান সমূহৰ পৰা আতঁৰি থাকিবলৈ সতৰ্কবাণী জাৰি কৰিছিল। ইফালে ৰাছিয়াত হোৱা এই আক্ৰমণে বিশ্বজুৰি চাঞ্চল্য সৃষ্টি কৰাৰ সময়তে সমগ্ৰ ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে সন্ত্ৰাসবাদী সংগঠন আই এছ আই এছে।

By Sandy

Leave a Reply

Your email address will not be published. Required fields are marked *

Exit mobile version