বুধবাৰে প্ৰকাশ পালে ৱৰ্ল্ড হেপিনেছ দে’ৰ ৰিপ’ৰ্ট। এই ৰিপ’ৰ্ট অনুসৰি সপ্তমবাৰৰ বাবে আটাইতকৈ সুখী দেশৰূপে চিহ্নিত হৈছে ফিনলেণ্ড। আটাইতকৈ অসুখী দেশ হিচাপে পৰিগণিতহৈছে আফগানিস্তান।

১৪৩ দেশৰ তালিকাত ১২৬ নম্বৰ স্থানত আছে ভাৰত। ভয়াৱহ ক’ভিড মহামাৰীৰ পাছতো একে স্থানতে বাহাল ১০খন দেশৰ স্থান। আমেৰিকা, জার্মানিৰ স্থান ২৩, ২৪লৈ অৱনমিত হৈছে।

বিভিন্ন ক্ষেত্ৰত ভাৰতে বিশ্বত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিলেও কিন্তু সুখৰ ক্ষেত্ৰত ভাৰতৰ স্থান অতিকৈ পুতৌজনক। আমনকি চুবুৰীয়া চীন, নেপাল, আর্থিক দুর্দশাগ্রস্ত পাকিস্থান, যুদ্ধৰত ম্যানমাৰতকৈ ভাৰতৰ স্থান পাছত।

আনহাতে, ১৪৩খন দেশৰ ভিতৰত সুখৰ ক্ষেত্ৰত ভাৰতৰ স্থান ১২৬ সংখ্যক স্থানত। ইয়াৰ বিপৰীতে চীন ৬০, নেপাল ৯৩, পাকিস্তান ১০৮ আৰু ম্যানমাৰ ১১৮ সংখ্যক স্থানত আছে। চুবুৰীয়া শ্রীলংকা আৰু বাংলাদেশ আছে ক্রমে ১২৮ আৰু ১২৯ সংখ্যক স্থানত।

বৱৰ্ল্ড হেপিনেছ দে’ৰ ৰিপ’ৰ্টৰ মতে, কভিড-১৯ মহামাৰীৰ পাছত বিশ্বৰ সুখী শীর্ষ ১০খন দেশ একে স্থানতে আছে। কিন্তু আমেৰিকা (২৩) আৰু জার্মানিৰ (২৪) স্থান অৱনমিত হৈছে।
সপ্তমবাৰৰ বাবে ফিনলেণ্ডে বিশ্বৰ আটাইতকৈ সুখী দেশৰ স্থান লাভ কৰিছে। ফিনলেণ্ডৰ পাছতে আছে ক্রমে ডেনমার্ক, আইচলেণ্ড, ছুইডেন, ইজৰাইল, নেদাৰলেণ্ড, নৰৱে’, লাক্সেমবার্গ, ছুইজাৰলেণ্ড আৰু অষ্ট্ৰেলিয়া।

উল্লেখযোগ্য যে, এইবাৰ ২০২১-২৩ চনৰ তথ্য অনুসৰি প্রতিবেদন প্রস্তুত কৰা হৈছে আৰু এই প্রতিবেদন ইজৰাইল-হামাছৰ যুদ্ধৰ আগতেই প্রস্তুত কৰা হৈছিল। সেয়ে ইজৰাইল পঞ্চম স্থান আছে। তালিকাত আটাইতকৈ কম সুখী দহখন দেশৰ শীৰ্ষত আছে আফগানিস্তান (১৪৩)। তাৰ পাছত আছে ক্রমে লেবানন, লেছ’থ’, ছিয়েবা লিয়ন, কংগো, জিম্বাবুবে ব’টছাবানা, মালাবী, ইস্বাটিনী আৰু জাম্বিয়া (১৩৪)।

By Sandy

Leave a Reply

Your email address will not be published. Required fields are marked *

Exit mobile version