ধুবুৰীৰ যাত্ৰীবাহী বাছত গুলীচালনাৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ । অজ্ঞাত স্থানৰ পৰা অহা দুটাকৈ গুলীত ভাঙিল যাত্ৰীবাহী বাছৰ গ্লাছ ।

ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাণবাৰী অঞ্চলৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন যাত্ৰীবাহী বাছলৈ লক্ষ্য কৰি অজ্ঞাত স্থানৰ পৰা গুলীচালনা কৰা এক ঘটনাই আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে । কোকৰাঝাৰ জিলাৰ তুলসীবিলৰ পৰা ধুবুৰী অভিমুখী আহি আছিল AS19 C8597 নম্বৰৰ এখন যাত্ৰীবাহী বাছ । বাছখনত বহু কেইগৰাকী যাত্ৰী আছিল । যাত্ৰীবাহী বাছখনে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ পাণবাৰী আৰু চুপাৰিঘাটৰ মাজভাগত উপস্থিত হোৱাৰ লগে লগে হঠাৎ দুটাকৈ বন্দুকৰ গুলী আহি বাছৰ গ্লাছ ভাঙে ৷ ফলত এজন যাত্ৰী আহত হয় । অৱশ্যে গুলীত নহয়, বাছৰ গ্লাছ ভাঙি যোৱাৰ ফলতহে আহত হয় যাত্ৰীজন ।

আহত যাত্ৰীজনৰ পৰিচয় জানিব পৰা হোৱা নাই । ঘটনাটো সংঘটিত হোৱাৰ লগে লগে যাত্ৰীসকলৰ লগতে চৌপাশে আতংকময় পৰিৱেশৰ সৃষ্টি হয় । পিচত ওচৰতে থকা সীমান্ত সুৰক্ষা বাহিনীৰ শিৱিৰৰ পৰা গুলীৰ শব্দ শুনি বাছখনৰ কাষলৈ আহে একাংশ সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান ।

ইপিনে, ঘটনাটো সংঘটিত হোৱাৰ লগে লগে আতংকিত হৈ পৰা যাত্ৰীসকলে দৌৰি আঁতৰি গৈ নিজকে ৰক্ষা কৰাৰ চেষ্টা কৰে । বাছখনৰ চালক আৰু হেণ্ডিমেনক সীমান্ত সুৰক্ষা বাহিনীৰ শিৱিৰলৈ মাতি নি বাহিৰত নিৰাপত্তা বেষ্টনী গঢ়ি তোলে । পিচত খবৰ পাই ধুবুৰী জিলা আৰু কোকৰাঝাৰ জিলাৰ আৰক্ষী প্ৰশাসন আৰু বিএছএফৰ উচ্চপদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । অৱশ্য়ে কোনফালৰ কোনে গুলীচালনা কৰিলে বা বন্দুকৰ গুলী ক’ৰ পৰা আহিল এতিয়ালৈকে স্পষ্ট হোৱা নাই ।

আনহাতে, উক্ত অঞ্চলটোত সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান আৰু আৰক্ষীৰ জোৱানসকলক নিয়মিতভাৱে বন্দুকচালনাৰ প্ৰশিক্ষণ দিয়া হয় । সেয়ে প্ৰশিক্ষণ শিৱিৰৰ পৰাই এই গুলীচালনা হ’ব পাৰে বুলি একাংশই সন্দেহ কৰে যদিও বৰ্তমান উক্ত স্থানত বন্দুক চালনাৰ প্ৰশিক্ষণ দি থকা নাই বুলি স্পষ্ট কৰি দিয়ে সীমান্ত সুৰক্ষা বাহিনী আৰু আৰক্ষী প্ৰশাসনে । এই ঘটনাটোৰ প্রকৃত ৰহস্য উদ্ঘাটন কৰাৰ বাবে ধুবুৰী জিলা আৰক্ষী অধীক্ষক নবিং সিঙৰ নেতৃত্বত আৰক্ষীৰ দল এটাই অঞ্চলটোৰ ভিতৰুৱা গাঁওখন উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে । ঘটনাস্থলীত কোনোধৰণৰ খালি কাৰ্টিজ নোপোৱাৰ বাবে এয়া বন্দুকৰ গুলীচালনাৰ ঘটনা নহবও পাৰে আৰক্ষী প্ৰশাসনে মন্তব্য় কৰিছে ।

By Sandy

Leave a Reply

Your email address will not be published. Required fields are marked *

Exit mobile version