বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ নয়নাভিৰাম দৃশ্য, অতুলনীয় জৈৱ বৈচিত্ৰ দৰ্শৰ বাবে চলিত বৰ্ষত কাজিৰঙালৈ অহা পৰ্যটকৰ পৰিসংখ্যাই পূৰ্বৰ সকলোবোৰ ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হৈছে ৷

চলিত বিত্তীয় বৰ্ষত পূৰ্বৰ তুলনাত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত ৷ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ নয়নাভিৰাম দৃশ্য, অতুলনীয় জৈৱ বৈচিত্ৰ দৰ্শৰ বাবে চলিত বৰ্ষত কাজিৰঙালৈ অহা পৰ্যটকৰ পৰিসংখ্যাই পূৰ্বৰ সকলোবোৰ ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হৈছে ৷ এই কথা বোকাখাতত থকা সঞ্চালকৰ কাৰ্যলয়ে দিয়া তথ্যত প্ৰকাশ পাইছে ৷

বিভাগীয় তথ্য অনুসৰি, ২০২৩-২৪ বিত্তীয় বৰ্ষত কাজিৰঙালৈ অহা মুঠ পৰ্যটকৰ সংখ্যা ৩,২৭,৪৯৩ গৰাকী ৷ ইয়াৰে মুঠ ৩,১৩,৫৭৪ গৰাকী দেশী পৰ্যটক আৰু ১৩,৯১৯ গৰাকী বিদেশী পৰ্যটক ৷ এই পৰ্যটকসকলৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলে লাভ কৰে মুঠ ৮,৮১,৮৪,১৬১ টকাৰ ৰাজহ ৷

উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তিনিটা বন সংমণ্ডলৰ ভিতৰত পূব অসম বন্যপ্ৰাণী সংমণ্ডলয়ে মুঠ ৩২,০৯৬১ গৰাকী পৰ্যটকৰ পৰা আৰু ৮,৫৯,৪৮,৩৫১ টকাৰ ৰাজহ, নগাঁও বন সংমণ্ডলে ৩,৪৮৪ গৰাকী পৰ্যটকৰ পৰা ৬২,৪০০ টকাৰ ৰাজহ আৰু বিশ্বনাথ বন সংমণ্ডলে ৩,০৪৮ গৰাকী পৰ্যটকৰ পৰা ১৬,১১,৮১০ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷

বিগত ২০২২-২৩ বিত্তীয় বৰ্ষত কাজিৰঙাই দেশী বিদেশী মুঠ ৩,১৪,৭৯৬ গৰাকী পৰ্যটকৰ পৰা মুঠ ৮,৩৩,৮৫,৪৮৩ টকাৰ ৰাজহ লাভ কৰিছিল ৷ যাৰ পটভূমিত পূৰ্বৰ তুলনাত ২০২৩-২৪ বিত্তীয় বৰ্ষত ১২,৬৯৭ জন দেশী বিদেশী পৰ্যটক বৃদ্ধি পোৱাৰ উপৰিও কাজিৰঙাই পূৰ্বতকৈ ৪৭,৯৮,৬৭৮ টকাৰ অধিক ৰাজহ লাভ কৰিবলৈ সক্ষম হয় ৷

২০২৩ চনৰ অক্টোবৰৰ মাজ ভাগত বাৰিষাৰ পিচতেই চলিত বিত্তীয় বৰ্ষত বিশ্ব পৰ্যটকৰ বাবে পুনৰ মুকলি হোৱা কাজিৰঙাত পৰ্যটকে পূৰ্বৰ তুলানতকৈ এইবাৰ কাৰ্বি-আংলঙত চাইকেল চলোৱাৰ সুবিধা, পানবাৰী সংৰক্ষিত বনাঞ্চল আৰু বুঢ়াপাহাৰৰ চিৰাঙৰ ট্ৰেকিং পথৰ বিশেষ সুবিধাৰ উপৰিও জনগোষ্ঠীৰ দ্বাৰা পৰিচালিত কাৰ্বি জনগোষ্ঠাৰ খাদ্যৰ চোৰাণ-আহেম আৰু মিচিং জনগোষ্ঠীৰ দ্বাৰা পৰিচালিত মিচিং খাদ্যৰ অজুন উকুম নামৰ কেন্দ্ৰ, বুঢ়াচাপৰিৰ মহিলা নেতৃত্বাধীন ভোজনালয় বিচাগ-না চ’ পৰম্পৰাগত খাদ্যৰ জুতি লোৱাৰো সুবিধা লাভ কৰিছে বুলি উদ্যান কৰ্তৃপক্ষই অৱগত কৰে ৷

ইয়াৰ লগতে ব্ৰহ্মপুত্ৰ নদীত শিহু দৰ্শনৰ সুবিধাৰ বাবে নৌকা বিহাৰৰ লগতে পাণপুৰ আৰু বুঢ়া চাপৰিত জীপ আৰু চাইকেল চাফাৰীও চলিত বিত্তীয় বৰ্ষতে আৰম্ভ কৰা হৈছিল ৷

By Sandy

Leave a Reply

Your email address will not be published. Required fields are marked *

Exit mobile version