The dead man's body. Focus on hand

প্ৰেমৰ বাবে মহানগৰীৰ মাজ-মজিয়াত নৃশংস হত্যাকাণ্ড। মহানগৰীৰ ধপলীয়াত নৃশংস হত্যাকাণ্ডৰ ঘটনা। লক্ষ্মণ বিশ্বাস নামৰ এজনে শহুৰৰ ঘৰত আহি সংঘটিত কৰে হত্যাকাণ্ড। পাষাণ স্বামীয়ে পত্নী দিপালী পোদ্দাৰক হত্যা কৰি কৰিলে তিনি টুকুৰা।

গুৱাহাটী মহানগৰীৰ জ্যোতিকুছিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । পৰকীয়া প্ৰেমৰ সন্দেহত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত কৰিলে স্বামীয়ে । স্বামীয়ে তিনিচেও কৰিলে নিজ পত্নীক । জ্যোতিকুছিৰ ধপলীয়াত সংঘটিত হৈছে এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনাটো । ইয়াৰ পাচতেই সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ ইতিমধ্যে ফটাশিল আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত স্বামীক ৷

শুকুৰবাৰৰ মাজনিশা সংঘটিত হয় এই চাঞ্চল্যকৰ হত্যাকাণ্ডটো ৷ অভিযুক্ত স্বামীয়ে দাবী কৰি মতে, পত্নী দীপালী পোড্ডাৰে দীৰ্ঘদিন ধৰি অন্য যুৱকৰ লগত প্ৰেমৰ সম্পৰ্ক চলাই আহিছিল । পত্নীৰ অবৈধ প্ৰেমৰ সম্পৰ্কে জানিব পাৰি স্বামী লক্ষণ বিশ্বাসে বাৰম্বাৰ মানা কৰাৰ লগতে সৰ্তকও কৰি আহিছিল ৷ কিন্তু স্বামীৰ কোনো কথা মনা নাছিল পত্নীয়ে ৷ স্বামীৰ বাৰম্বাৰ সকীয়নীৰ পাচতো পত্নীয়ে এই সম্পৰ্ক বৰ্তাই আহিছিল ৷

Crime Scene in Library between rows of books

অৱশেষত শুকুৰবাৰে নিশা প্ৰায় ১১ বজাত পত্নী দীপালী পোড্ডাৰে প্ৰেমিকৰ লগত কথা পাতি থকা গম পাই স্বামীয়ে শহুৰেকৰ ঘৰলৈ আহি দীপালীক খুকুৰীৰে কাটি তিনি টুকুৰা কৰে ৷ পত্নীক টুকুৰা-টুকুৰ কৰাৰ পাচত কটা মূৰ লৈ আৰক্ষী থানালৈ অহাৰ সময়তে পত্নীৰ পৰিয়ালে দেখা পাই লগে লগে আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰে ৷ লগে লগে ঘটনাস্থলীত ফটাশিল আৰক্ষী উপস্থিত হৈ অভিযুক্ত স্বামীক গ্ৰেপ্তাৰ কৰে আৰু মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ।

জানিব পৰা মতে আজি পুৱা আৰক্ষীয়ে অভিযুক্ত স্বামী লক্ষণৰ স্বাস্থ্য পৰীক্ষা কৰোৱায় ৷ সম্প্ৰতি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷ স্থানীয় লোকে সদৰী কৰা মতে লক্ষণ ঘৰ কোকৰাঝাৰত ৷ আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ প্ৰকৃত তথ্য ৷ মদৰ নিচাত স্বামী লক্ষণে এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ কৰিছে স্থানীয় লোক তথা দীপালীৰ পত্নীৰ পৰিয়ালে ৷

By Sandy

Leave a Reply

Your email address will not be published. Required fields are marked *

Exit mobile version