ভূমিকম্পৰ ফলত ৪ জন লোক নিহত হোৱাৰ লগতে বহুসংখ্যক লোক আহত হোৱা বুলি জানিব পৰা হৈছে ৷

প্ৰবল ভূমিকম্পই জোকাৰিলে টাইৱানক ৷ বুধবাৰে স্থানীয় সময় অনুসৰি পুৱা ৭.৫৮ বজাত টাইৱানত সংঘটিত হয় এই ভূমিকম্পৰ জোকাৰণি ৷ ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য আছিল ৭.৫ ৷ এই জোকাৰণিৰ ফলত সৰু দ্বীপটোৰ বহু স্থানত বহু ঘৰ ধ্বংসাৱশেষত পৰিণত হোৱা দেখা গৈছে ৷ ভূমিকম্পৰ ফলত ৪ জন লোক নিহত হোৱাৰ লগতে বহুসংখ্যক লোক আহত হোৱা বুলি জানিব পৰা হৈছে ৷

২.৩ কোটি লোকৰ দ্বীপটোত ৰে’ল সেৱা বন্ধ কৰি দিয়া হৈছিল ৷ ইয়াৰোপৰি, টাইপেইত ছাবমেট্ৰ’ সেৱাও বন্ধ কৰি দিয়া হৈছিল । অৱশ্যে ৰাজধানীখনত সোনকালে পৰিস্থিতি স্বাভাৱিক হৈ পৰা দেখিবলৈ পোৱা গ’ল ৷ শিক্ষাৰ্থীসকল বিদ্যালয়লৈ যোৱাৰ লগতে পৰিস্থিতি স্বাভাৱিক হোৱা দেখা গ’ল ।

জাপান বতৰ বিজ্ঞান সংস্থাই জনোৱা মতে, ভূমিকম্পটো অহাৰ প্ৰায় ১৫ মিনিট পিছত যোনাগুনি দ্বীপৰ উপকূলত 30 ছে.মি.(প্ৰায় ১ ফুট) উচ্চতাৰ ছুনামী ঢৌ ধৰা পৰিছে । জামাই কয় যে ঢৌৱে মিয়াকো আৰু ইয়ায়ামা দ্বীপপুঞ্জৰ উপকূলতো আঘাত কৰাৰ আশংকা আছে । জাপানৰ আত্মৰক্ষা বাহিনীয়ে অকিনাৱা অঞ্চলৰ চাৰিওফালে ছুনামীৰ প্ৰভাৱৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ বিমান প্ৰেৰণ কৰাৰ লগতে প্ৰয়োজন হ’লে খালী কৰা লোকসকলৰ বাবে আশ্ৰয় শিবিৰ প্ৰস্তুত কৰিছিল ।

টাইৱানৰ ভূমিকম্প নিৰীক্ষণ সংস্থাই এই জোকাৰণিৰ মাত্ৰা ৭.২ বুলি প্ৰকাশ কৰাৰ বিপৰীতে আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে ৭.৪ বুলি কয় । পুৱা ৭.৫৮ বজাত এই জোকাৰণিয়ে হুয়ালিয়েনৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ দক্ষিণ-পশ্চিমে আঘাত কৰিছিল আৰু ইয়াৰ গভীৰতা প্ৰায় ৩৫ কিলোমিটাৰ আছিল ।

ইউ এছ জি এছৰ মতে, ইয়াৰ পিছত হোৱা আন এটা ভূমিকম্পৰ জোকাৰণি ৬.৫ প্ৰাৱল্য আৰু ১১.৪  কিলোমিটাৰ (৭ মাইল) গভীৰৰ আছিল । প্ৰশান্ত মহাসাগৰীয় ছুনামী সতৰ্কতা কেন্দ্ৰই কয় যে হাৱাই বা আমেৰিকাৰ প্ৰশান্ত মহাসাগৰীয় ভূ-খণ্ড গুৱামৰ বাবে ছুনামীৰ কোনো ভাবুকি নাই ।

By Sandy

Leave a Reply

Your email address will not be published. Required fields are marked *

Exit mobile version