The dead man's body. Focus on hand

কৰিমগঞ্জৰ ৰামকৃষ্ণনগৰত লোমহৰ্ষক ঘটনা । নিজৰে ৩ সন্তানক হত্যা কৰে এগৰাকী মহিলাই । ৭ বছৰীয়া ভগ্নীকো আক্ৰমণ কৰে মহিলাগৰাকীয়ে । তাৰ পাচতে আত্মহত্যাৰ চেষ্টা চলায় মহিলাগৰাকীয়ে । এই ঘটনাটোক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে কৰিমগঞ্জত ।

সচৰাচৰ মাতৃৰ কোলাক শিশুৰ নিৰাপদ আশ্ৰয় হিচাপে গণ্য কৰা হয় । কিন্তু সেই ধাৰণাটো সলনি কৰিলে এই মহিলাগৰাকীয়ে । ৰামকৃষ্ণ নগৰৰ সমীপৰ ডোলুগাং গাঁৱত সংঘটিত হৈছে এই আচৰিত ঘটনাটো । জানিব পৰা মতে, হৰিনগৰ গাঁও পঞ্চায়তৰ ডোলুগাং গাঁৱত স্বামী আৰু ৩ সন্তানৰ সৈতে মহিলাগৰাকীয়ে বাস কৰি আছিল । মহিলাগৰাকীৰ ভগ্নীও তেওঁলোকৰ সৈতে আছিল ।

শনিবাৰলৈকে তেওঁলোকৰ পৰিয়ালত সকলো ঠিকেই আছিল । কিন্তু দেওবাৰে পুৱা তেওঁলোকৰ পৰিয়ালত সংঘটিত হ’ল ভয়ানক ঘটনাটো । পুৱাই স্বামীয়ে নিজৰ দোকানলৈ বুলি ওলাই গৈছিল । মহিলাগৰাকী, ভগ্নী আৰু ৩ টা সন্তান ঘৰতে আছিল । প্ৰায় ৯ বজাত গাঁৱৰ সৰু ল’ৰাবোৰে গৰুবোৰ পথাৰলৈ লৈ যোৱাৰ সময়তে তেওঁলোকে প্ৰত্যক্ষ কৰে যে মহিলাগৰাকীয়ে তেওঁ সন্তানক দাৰে আক্ৰমণ কৰি আছে । লগে লগে ল’ৰাবোৰে চিঞৰ-বাখৰ লগাই দিয়ে । তাৰ পিচত গাঁৱৰ একাংশ লোক ঘৰটোত উপস্থিত হয় ।

কিন্তু লোকসকলে বিচনাত তিনিওটা শিশুৰ মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰে আৰু মহিলাগৰাকীৰ ৭ বছৰীয়া ভগ্নীও ৰক্তাক্ত অৱস্থাত মাটিত পৰি আছিল । ইফালে সন্তানক হত্যা কৰি মহিলাগৰাকীয়ে কোঠাৰ দুৱাৰ বন্ধ কৰি ভিতৰত সোমাই থাকে । লগে লগে অঞ্চলটোৰ ৰাইজে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৭ বছৰীয়া কিশোৰীগৰাকীক ৰামকৃষ্ণনগৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে । লগতে দুৱাৰ ভাঙি ঘৰত প্ৰৱেশ কৰি হত্যাকাৰী মহিলাগৰাকীক ৰক্তাক্ত আৰু অচেতন অৱস্থাত উদ্ধাৰ কৰে । মহিলাগৰাকীকো লোকসকলে স্বাস্থ্যকেন্দ্ৰলৈ লৈ যায় ।

কিন্তু দুয়োৰে অৱস্থা সংকটজনক দেখি প্ৰথমে হাইলাকান্দি অসামৰিক চিকিৎসালয়লৈ আৰু পিচত শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় । ঘটনাৰ খবৰ পোৱাৰ পিচতে ৰামকৃষ্ণনগৰ আৰক্ষীয়ে শিশু তিনিটাৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । মৃত শিশু তিনিটাৰ ভিতৰত দুটা ল’ৰা আৰু এজনী ছোৱালী ।

By Sandy

Leave a Reply

Your email address will not be published. Required fields are marked *

Exit mobile version