ছত্তিশগড়ত বুধবাৰে পূৱাৰে পৰা সুৰক্ষা কৰ্মী আৰু নক্সালৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয়। ছত্তিশগড়ৰ বিজাপুৰ জিলাত সংঘটিত হোৱা এই সংঘৰ্ষত ৬ জনকৈ নক্সাল নিহত হৈছে। নিহত সকলৰ ৬ টা মৃতদেহেই উদ্ধাৰ কৰিছে সুৰক্ষা কৰ্মীয়ে।

ছত্তিশগড়ত বুধবাৰে পূৱাৰে পৰা সুৰক্ষা কৰ্মী আৰু নক্সালৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয়। ছত্তিশগড়ৰ বিজাপুৰ জিলাত সংঘটিত হোৱা এই সংঘৰ্ষত ৬ জনকৈ নক্সাল নিহত হৈছে। নিহত সকলৰ ৬ টা মৃতদেহেই উদ্ধাৰ কৰিছে সুৰক্ষা কৰ্মীয়ে।

উল্লেখ্য যে, বষ্টাৰৰ আই জি পি সুন্দৰৰাজে জনোৱা মতে, বিজাপুৰ জিলাৰ চিকুৰবট্টি-পুছভাকা জংঘলৰ সমীপৰ বনাঞ্চলত গুলীচালনাৰ পিচত এগৰাকী মহিলাসহ ৬ নক্সাল সদস্যৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । বাছাগুড়া আৰক্ষী থানাৰ অন্তৰ্গত চিকুৰবাট্টি অঞ্চলৰ সমীপৱৰ্তী তালপেৰু নদীৰ সমীপত এই এনকাউণ্টাৰ সংঘটিত হোৱা বুলি বষ্টাৰ ৰেঞ্জৰ আই জি সুন্দৰৰাজে জানিবলৈ দিয়ে ।

আই জিয়ে জনোৱা মতে, চি আৰ পি এফৰ এটা সুসজ্জিত ইউনিট, চি আৰ পি এফৰ ২২৯ নং বেটেলিয়ন আৰু ডি আৰ জিৰ এটা যৌথ দলে তালপেৰু নদীৰ ওচৰত পি এল জি এৰ প্লাটুন-১০ৰ বিদ্ৰোহীৰ সৈতে সংঘৰ্ষ হয় । আই জি সুন্দৰৰাজে লগতে কয় যে অভিযানৰ সময়ত নিৰাপত্তাৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰিছে ছয় নক্সাল সদস্যৰ মৃতদেহ । নিহত ছয় নক্সালৰ ভিতৰত এগৰাকী মহিলা কেডাৰ বুলি বিষয়াগৰাকীয়ে লগতে কয় ।

অভিযানৰ সময়ত দলটোৱে সাধাৰণভাৱে ব্যৱহাৰৰ অন্যান্য সামগ্ৰীৰ লগতে অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰিছে বুলি বিষয়াগৰাকীয়ে জনায় । আই জি সুন্দৰৰাজে জনোৱা মতে, এতিয়াও অনুসন্ধান অভিযান চলি থকাৰ বাবে অধিক তথ্যৰ বাবে অপেক্ষা কৰা হৈছে । অঞ্চলটো বাছাগুড়া আৰক্ষী থানাৰ অধীনস্থ ।

তেওঁলোকে জনোৱা মতে, বাছাগুড়া জিলা ৰিজাৰ্ভ গাৰ্ড, চি আৰ পি এফ ২২৯ আৰু কমাণ্ডো বেটেলিয়ন ফৰ ৰিজ’লিউট একচনৰ দলে অভিযান চলায় আছে । জিলাখনৰ আৰক্ষী অধীক্ষকে জনোৱা মতে, ২৩ মাৰ্চত নক্সাল দুৰ্গ দন্তেৱাড়াত আই ই ডি বিস্ফোৰণত দুজন জোৱান আহত হৈছিল । শনিবাৰে কিৰাণ্ডুল থানা এলেকাত নক্সাল বিৰোধী অভিযানৰ সময়ত এই বিস্ফোৰণ সংঘটিত হয় বুলি দন্তেৱাড়াৰ আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে কয় ।

By Sandy

Leave a Reply

Your email address will not be published. Required fields are marked *

Exit mobile version