কাছাৰত পুৱতি নিশা এনকাউণ্টাৰৰ ঘটনা । আৰক্ষীৰ বেষ্টনীৰ পৰা পলাবলৈ চেষ্টা কৰোতেই ধৰ্ষণৰ ঘটনাত অভিযুক্ত জমিৰ উদ্দিনলৈ লক্ষ্য কৰি অসম আৰক্ষীৰ গুলী ৷ আহত আৰক্ষী জোৱান ৷

পুৱতি নিশা কাছাৰ আৰক্ষীৰ গুলীত গুলীবিদ্ধ এজন। জানিব পৰা মতে নিশা কাছাৰ আৰক্ষীয়ে ধৰ্ষণৰ চেষ্টা আৰু বোৱাৰী অপহৰণৰ গোচৰত অভিযুক্ত জমিৰ উদ্দিন নামৰ এজন লোকক লৈ অপহৰণত ব্যৱহৃত মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ অভিযানলৈ গৈছিল।

তাৰ মাজতে আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰাৰ বাবেই আৰক্ষীয়ে গুলী কৰে অপহৰণ আৰু ধৰ্ষণৰ চেষ্টা কৰাৰ গোচৰত অভিযুক্ত জমিৰ উদ্দিনক। গুলীবিদ্ধ জমিৰ উদ্দিনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। বৰ্তমান তেওঁক শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰা হৈছে।

উল্লেখ্য যে, কাছাৰৰ লক্ষীপুৰৰ এগৰাকী বোৱাৰী অপহৰণ কৰি ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগত অভিযুক্ত জমিৰ উদ্দিন। ঘটনা সন্দৰ্ভত কাছাৰ আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি, যোৱা ১৬ মাৰ্চৰ পুৱা কাছাৰৰ শিৱপুৰৰ পৰা এগৰাকী বোৱাৰীক আন সহযোগীৰ সৈতে অপহৰণ কৰিছিল জমিৰ উদ্দিনে।

প্ৰাতঃভ্ৰমণলৈ যোৱা সেই বোৱাৰীগৰাকীক চাৰি দুৰ্বৃত্তই এখন বাহনত অপহৰণ কৰিছিল। ইয়াৰ পিছতে চাৰিওটা দুৰ্বৃত্তই বোৱাৰীগৰাকীক ধৰ্ষণৰ চেষ্টা কৰে। এই অপহৰণ কাণ্ডত ব্যৱহাৰ হোৱা অস্ত্ৰ উদ্ধাৰ কৰিবলৈকে জমিৰ উদ্দিনক লগত লৈ অভিযান চলাইছিল আৰক্ষীয়ে।

এই ঘটনাৰ পাছতে আৰক্ষীয়ে ঘটনাত জড়িত মহিলাসহ আটাইকেইজনকে গ্ৰেপ্তাৰ কৰাৰ পাছত মঙ্গলবাৰে নিশা মূল অভিযুক্ত জমিৰ উদ্দিনক লগত লৈ আৰক্ষীয়ে অভিযান চলাইছিল। এই অভিযানৰ সময়তে আৰক্ষীৰ এজন জোৱানক আক্ৰমণ কৰি জমিৰ উদ্দিনে পলাবলৈ চেষ্টা কৰে।

ফলত আৰক্ষীয়ে তেওঁক লক্ষ্য কৰি দুই জাঁই গুলী চালনা কৰে। আৰক্ষীৰ গুলীত আহত জমিৰ উদ্দিনৰ অৱস্থা বৰ্তমান সংকটজনক। উল্লেখ্য যে, গুলীবিদ্ধ জমিৰ উদ্দিনৰ ঘৰ কাছাৰৰ শ্ৰীকোণা আলমবাগত।

By Sandy

Leave a Reply

Your email address will not be published. Required fields are marked *

Exit mobile version