আমেৰিকাৰ বাল্টিমোৰত ভয়ংকৰ দুৰ্ঘটনা । ‘ফ্ৰান্সিছ স্কট কি’ নামৰ এই দলঙখন আমেৰিকাৰ এখন বিখ্যাত দলং। এই দুৰ্ঘটনাত বহু লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। বহু সংবাদ মাধ্যমৰ দাবী পাটাপস্কো নদীৰ ওপৰত থকা এই দলঙখন ভাঙি যোৱাৰ ফলত বহু লোক আৰু বাহন পানীত পৰি ডুব গৈছে। এক্সত ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখা গৈছে যে জাহাজখনে ফ্ৰান্সিছ স্কট কী ব্ৰীজৰ এটা অংশত আঘাত কৰে । যাৰ ফলত দলংখন কেইবাঠাইতো বিচ্ছিন্ন হৈ পানীত পৰি যায় ।


জানিব পৰা মতে বাল্টিমোৰ বন্দৰ এৰি মালবাহী জাহাজখনে যাত্ৰা কৰাৰ সময়তে এই অঘটন সংঘটিত হয়। দলঙখন ভাঙি খহি পৰাৰ বাবে জাহাজখনো পানীৰ মাজতে আৱদ্ধ হৈ পৰে। স্থানীয় সময় অনুসৰি মঙ্গলবাৰে পুৱা সংঘটিত হৈছে এই দুৰ্ঘটনা।এই পৰ্যন্ত আনুষ্ঠানিকভাৱে কিমান লোক হতাহতি হৈছে তাৰ খবৰ পোৱা নাই যদিও সংবাদ মাধ্যমসমূহে দাবী কৰিছে প্ৰায় ২০ জন লোক সন্ধানহীন হৈ আছে। ইতিমধ্যে বিশ্বজুৰি এই দলঙখন ভাঙি পৰা দৃশ্য ভাইৰেল হৈ পৰিছে।

বিষয়াগৰাকীৰ মতে দলংখনত কিছুমান কাৰ্গো ওলমি থকা দেখা গৈছে । একাংশ আকৌ টোপস্কো নদীত বিস্তৃত হৈ আছে । ১৯৭৭ চনত মুকলি কৰা এই দলংখনৰ নাম ‘দ্য ষ্টাৰ-স্পেংগেল্ড বেনাৰ’ৰ লেখকৰ নামেৰে ৰখা হৈছিল । দুৰ্ঘটনাৰ সময়ত দলংখনৰ ওপৰত ট্ৰেক্টৰ-ট্ৰেইলাৰ সদৃশ কেইবাখনো বাহন আছিল বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে জাহাজখনৰ নাম ডালি আছিল । মেৰিন ট্ৰেফিক এণ্ড ভেচেল ফাইণ্ডাৰৰ মতে সেই নামৰ এখন জাহাজ বাল্টিমোৰৰ পৰা শ্ৰীলংকাৰ কলম্বোলৈ গৈ আছিল । ডব্লিউটিঅ’পি ৰেডিঅ’ ষ্টেচনে বাল্টিমোৰৰ কোষ্ট গাৰ্ডৰ পেটি অফিচাৰ মেথিউ ৱেষ্টৰ উদ্ধৃতি দি কয় যে জাহাজখনত ছিংগাপুৰৰ পতাকা আছিল ।

বাল্টিমোৰ প্ৰশাসনে জনোৱা মতে দলংখন খহি পৰাৰ লগে লগে নদীখনৰ দুয়োটা পাৰৰ মাজত স্থল যোগাযোগ বন্ধ হৈ পৰিছে । পথটোত যান-বাহনৰ চলাচল বন্ধ কৰি দিয়া হৈছে ।

By Sandy

Leave a Reply

Your email address will not be published. Required fields are marked *

Exit mobile version