ucc

‘বিশেষ বিবাহ আইন’ (Special Marriage Act)ৰ অধীনতহে পঞ্জীয়ন কৰা হ’ব বিবাহ

কেবিনেটত ‘অসম মুছলিম বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন আইন, ১৯৩৫’, বাতিল কৰা হয়। ইয়াৰ ফলত এই আইনৰ জৰিয়তে অসমত পৰৱৰ্তী সময়ত মুছলিম বিবাহৰ পঞ্জীয়ন হ’ব নোৱাৰিব। এতিয়াৰে পৰা ‘বিশেষ বিবাহ আইন’ (Special Marriage Act)ৰ অধীনতহে বিবাহ পঞ্জীয়ন হ’ব। সকলো জিলা আয়ুক্ত বা পঞ্জীয়কে এই দায়িত্ব গ্ৰহণ কৰিব। ইয়াৰ লগতে, মুছলিম বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন আইনৰ সৈতে জড়িত কৰ্মচাৰী সকলক অসম চৰকাৰে এককালীন সাহাৰ্য হিচেপে ২ লাখ টকা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ উদ্দেশ্য হৈছে ব্ৰিটিছৰ দিনৰ পৰা প্ৰচলিত এই আইনখন বৰ্খাস্ত কৰা।

উত্তৰাখণ্ডৰ পিছত এতিয়া অসম চৰকাৰেও ইউনিফৰ্ম চিভিল কোড (UCC) কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শুকুৰবাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তত অসম কেবিনেটে অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন, ১৯৩৫ (Muslim Marriages and Divorces Registration Act, 1935) বাতিল কৰে। শুকুৰবাৰে নিশা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখ্য যে, শেহতীয়াকৈ উত্তৰাখণ্ডত UCC কাৰ্যকৰী কৰা হৈছে আৰু উত্তৰাখণ্ড দেশৰ ভিতৰতে ইউনিফৰ্ম চিভিল কোড ৰূপায়ণ কৰা প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে।ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে উল্লেখ কৰে যে, ‘‘২৩ ফেব্ৰুৱাৰী ২০২৪ তাৰিখে অসম কেবিনেটে যুগ যুগ ধৰি চলি অহা অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন বাতিলৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। এই আইনত বিবাহ পঞ্জীয়নৰ অনুমতি দিয়া বিধান অন্তৰ্ভুক্ত আছে য’ত দৰা-কইনাৰ আইনী বয়স ১৮ আৰু ২১ বছৰ নহ’লেও বিবাহ পঞ্জীয়নৰ অনুমতি দিয়া বিধান অন্তৰ্ভুক্ত কৰা আছিল। এই পদক্ষেপ অসমত বাল্যবিবাহ নিষিদ্ধ কৰাৰ দিশত আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি গণ্য কৰা হৈছে।’’

কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Minister Jayanta Malla Baruah) ইয়াক UCCৰ দিশত এক বৃহৎ পদক্ষেপ বুলি অভিহিত কৰে। তেওঁ কয় যে আগলৈ মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদৰ সৈতে জড়িত সকলো বিষয় ‘বিশেষ বিবাহ আইন’ (Special Marriage Act) অনুসৰি পৰিচালিত হ’ব। সাংবাদিকৰ আগত তেওঁ কয় যে, এতিয়া নতুন গাঁথনিৰ অধীনত মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়নৰ দায়িত্ব জিলা আয়ুক্ত আৰু জিলা পঞ্জীয়কৰ দায়িত্বত থাকিব। বাতিল কৰা আইনখনৰ অধীনত কৰ্মৰত ৯৪ গৰাকী মুছলমান পঞ্জীয়ককো তেওঁলোকৰ পদৰ পৰা অব্যাহতি দিয়া হ’ব আৰু দুই লাখ টকাৰ এককালীন ধন প্ৰদান কৰা হ’ব।ইয়াৰোপৰিও তেওঁ কয় যে ১৯৩৫ চনৰ পুৰণি আইনখনে কিশোৰ-কিশোৰীৰ বিবাহ সহজ কৰি তুলিছিল, যিটো ব্ৰিটিছ সাম্ৰাজ্যৰ পৰা প্ৰণয়ন আছিল। লগতে মন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰশাসনে এই আইনখন বাতিল কৰি বাল্যবিবাহৰ বিষয়টো সমাধান কৰিব বিচাৰিছে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Exit mobile version