Deprecated: Function is_staging_site is deprecated since version 3.3.0! Use in_safe_mode instead. in /home/u862694509/domains/sirwiznews.com/public_html/wp-includes/functions.php on line 6078
সমাগত ২০২৪ চনৰ লোকসভা নিৰ্বাচন, BJPত যোগদান জনপ্ৰিয় কণ্ঠশিল্পী অনুৰাধা পৌডৱালৰ - SirWiz News
Deprecated: Function is_staging_site is deprecated since version 3.3.0! Use in_safe_mode instead. in /home/u862694509/domains/sirwiznews.com/public_html/wp-includes/functions.php on line 6078

সমাগত ২০২৪ চনৰ লোকসভা নিৰ্বাচন ৷ এনে পৰিস্থিতিত তৎপৰ হৈ পৰিছে সকলো দল ৷ এই নিৰ্বাচনৰ পূৰ্বে বহু নতুন মুখেও যোগদান কৰিছে ৰাজনীতিত ৷ শনিবাৰে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে জনপ্ৰিয় কণ্ঠশিল্পী অনুৰাধা পৌডৱালে । বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈ আনুষ্ঠানিকভাৱে দলত যোগদান কৰে অনুৰাধাই ।

উল্লেখ্য যে, অনুৰাধা পৌডৱালে এনে এটা সময়ত বিজেপিত যোগদান কৰিছে, যি সময়ত অচিৰেই দেশত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব । ইফালে আজি নিৰ্বাচন আয়োগে দেশজুৰি ঘোষণা কৰিব লোকসভা নিৰ্বাচনৰ তাৰিখ ৷ লগতে আজি কিছু ৰাজ্যত বিধানসভা নিৰ্বাচনৰো তাৰিখ ঘোষণা কৰা হ’ব । বিজেপিত যোগদান কৰাৰ পিচত অনুৰাধা পৌডৱালে কয়, ‘‘মই সুখী যে আজি মই সনাতনৰ সৈতে গভীৰ সম্পৰ্ক থকা লোকসকলৰ দলত যোগদান কৰিছো । চলচ্চিত্ৰ জগতত গান গোৱাৰ পিচত মই ভক্তিমূলক গীতো গাইছো । ৰামলালাৰ প্ৰতিষ্ঠা হোৱাৰ সময়ত তাত গান গোৱাৰ সুযোগ পাইছিলোঁ, সেয়া মোৰ সৌভাগ্য ।’’

থুলমূলকৈ অনুৰাধা পৌডৱালৰ বিষয়ে…

অনুৰাধা পৌডৱাল এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী । ১৯৫২ চনৰ ২৭ অক্টোবৰত কৰ্ণাটকৰ এটা কংকনী পৰিয়ালত ‘অলকা নাডকাৰ্ণী’ নামেৰে জন্মগ্ৰহণ কৰিছিল অনুৰাধাই। ১৯৭৩ চনত তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰে । প্ৰথমবাৰৰ বাবে অভিমান ছবিত শ্লোক গাইছিল । ১৯৭৩ চনত তেওঁ যশোদাৰ সৈতে মাৰাঠী চিনেমা জগততো আত্মপ্ৰকাশ কৰে । এবছৰৰ পিচত তেওঁ চলচ্চিত্ৰ মাৰাঠী গীতৰ ৰেকৰ্ড মুকলি কৰে, যাক প্ৰায়ে “ভাৱ গীতেন” নামেৰে জনা যায়, যিটো অত্যন্ত জনপ্ৰিয় হৈ পৰে।

১৯৮৪ চনত ‘হিৰো’ ছবিখনৰ বাবে অনুৰাধা পৌডৱালে ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনীত হৈছিল । ১৯৮৫ চনত ‘উৎসৱ’ ছবিৰ বাবে ‘মেৰা মন বজা মৃদংগ’ গীত গাইছিল। কণ্ঠশিল্পী অনুৰাধা পৌডৱালে ১৯৮৬ চনত ‘উৎসৱ’ ছবিৰ এই গীতটোৰ বাবেই প্ৰথমবাৰৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰে ।

উল্লেখ্য যে, অনুৰাধা পৌডৱালে সোমবাৰে অযোধ্যাত উপস্থিত হৈ ৰাম মন্দিৰ দৰ্শন কৰে । এই উপলক্ষে তেওঁ কৈছিল যে শেষবাৰৰ বাবে তেওঁ শ্ৰীৰামৰ গীত ‘ৰঘুপতি ৰাঘৱ’ গাইছিল, তেতিয়া তেওঁ শীঘ্ৰে ৰাম মন্দিৰ নিৰ্মাণ কৰিবলৈ প্ৰাৰ্থনা কৰিছিল ।

By Sandy

Leave a Reply

Your email address will not be published. Required fields are marked *