Deprecated: Function is_staging_site is deprecated since version 3.3.0! Use in_safe_mode instead. in /home/u862694509/domains/sirwiznews.com/public_html/wp-includes/functions.php on line 6078
বিশিষ্ট সংগীত শিল্পী নন্দ বেনাৰ্জীৰ দেহাৱসান - SirWiz News
Deprecated: Function is_staging_site is deprecated since version 3.3.0! Use in_safe_mode instead. in /home/u862694509/domains/sirwiznews.com/public_html/wp-includes/functions.php on line 6078

অসমৰ সাংস্কৃতিক জগতলৈ আন এক দুখৰ খবৰ, বিশিষ্ট সংগীত শিল্পী নন্দ বেনাৰ্জীৰ দেহাৱসান। নিশা গুৱাহাটীৰ নিজ বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে শিল্পীগৰাকীৰ।  ৬৮ বছৰত বয়সত মৃত্য হয় বিশিষ্ট শিল্পীগৰাকীৰ। মৃত্যু সময়ত তেওঁ পত্নী সান্তনা বেনাৰ্জী আৰু  একমাত্ৰ পুত্ৰ শ্যামক এৰি থৈ যায়।

জানিব পৰামতে কিছুদিন ধৰি অসুস্থ হৈ আছিল শিল্পী নন্দ বেনাৰ্জী। দেওবাৰে অকাস্মাতে অসুস্থ অনুভৱ কৰাত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে।

অসমৰ সংগীত জগতলৈ অনন্য অৱদান আছিল বেনাৰ্জীৰ। নন্দ বেনাৰ্জীৰ মৃত্যু অসমীয়া সংগীত ক্ষেত্ৰৰ বাবে অপূৰণীয় ক্ষতি।

বহু চিনেমাৰ সমান্তৰালকৈ থিয়েটাৰতো তেওঁ সংগীত পৰিচালনা কৰিছিল। তেওঁ সংগীত পৰিচালনা কৰা অন্তিমখন ছবি আছিল জনকন্দিনী। উল্লখ্য যে ১৯৫৫ চনত নগাঁৱত জন্মগ্ৰহণ কৰিছিল নন্দ বেনাৰ্জীয়ে।

অসমৰ সাংস্কৃতিক জগতলৈ আন এক দুখৰ খবৰ, বিশিষ্ট সংগীত শিল্পী নন্দ বেনাৰ্জীৰ দেহাৱসান

By Sandy

Leave a Reply

Your email address will not be published. Required fields are marked *