Deprecated: Function is_staging_site is deprecated since version 3.3.0! Use in_safe_mode instead. in /home/u862694509/domains/sirwiznews.com/public_html/wp-includes/functions.php on line 6078
তেলেংগানাত ক্ৰমান্বয়ে বৃদ্ধি পাইছে তাপমাত্ৰা। ২০১৬ চনৰ পিচত এইবাৰ সৰ্বাধিক তাপমাত্ৰা হোৱা পৰিলক্ষিত হৈছে ৰাজ্যখনত। - SirWiz News
Deprecated: Function is_staging_site is deprecated since version 3.3.0! Use in_safe_mode instead. in /home/u862694509/domains/sirwiznews.com/public_html/wp-includes/functions.php on line 6078

আৰম্ভ হৈছে গৰমৰ বতৰ। দেশৰ আন আন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো বৃদ্ধি পাইছে তাপমাত্ৰা। এনে সময়তে দেশৰ কিছুমান ৰাজ্যত আৰম্ভনিতেই গৰমে অতিক্ৰম কৰিছে সকলো অভিলেশ।  

আৰম্ভ হৈছে গৰমৰ বতৰ। দেশৰ আন আন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো বৃদ্ধি পাইছে তাপমাত্ৰা। এনে সময়তে দেশৰ কিছুমান ৰাজ্যত আৰম্ভনিতেই গৰমে অতিক্ৰম কৰিছে সকলো অভিলেশ।  

উল্লেখ্য যে, তেলেংগানাত ক্ৰমান্বয়ে বৃদ্ধি পাইছে তাপমাত্ৰা । বৃহস্পতিবাৰে ৰাজ্যখনৰ 20 টা স্থানত 42 ডিগ্ৰী পৰ্যন্ত তাপমাত্ৰা বৃদ্ধি হয় । ইয়াৰে 14 টা অঞ্চলত তাপমাত্ৰাই 43 ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰিছিল । নালগোণ্ডা জিলাৰ ইব্ৰাহিমপেটত সৰ্বোচ্চ উষ্ণতা 43.5 ডিগ্ৰী ।

2016 চনৰ পিচত এইবাৰ সৰ্বাধিক তাপমাত্ৰা হোৱা পৰিলক্ষিত হৈছে । বতৰ বিজ্ঞান বিভাগে শুকুৰবাৰ আৰু শনিবাৰে ৰাজ্যখনত শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে । নিশাৰ উষ্ণতা স্বাভাৱিক দুই ডিগ্ৰীতকৈ বেছি হ’ব । বতৰ বিশেষজ্ঞসকলে পুৱা 11 বজাৰ পৰা বিয়লি 3 বজালৈ ৰ’দৰ তীব্ৰতা অধিক হ’ব বুলি মত প্ৰকাশ কৰিছে । এই সময়ছোৱাত বৃদ্ধ আৰু শিশুসকল বাহিৰলৈ ওলাই যাব নালাগে বুলি সাৱধানবাণী প্ৰকাশ কৰিছে ৷

বৃহস্পতিবাৰ দিনটোত নালগোণ্ডা জিলাৰ ইব্ৰাহিমপেটত 43.5 ডিগ্ৰী, একেখন জিলাৰ কনগালত 43.4 ডিগ্ৰী, গাডৱালা জিলাৰ বদ্দেপল্লীত 43.3 ডিগ্ৰী, নালগোণ্ডা জিলাৰ মাডগুলাপল্লীত 43.3 ডিগ্ৰী, গাডৱালা জিলাৰ ধৰুৰ, কুমুৰাম ভীম জিলাৰ আছিফাবাদত 43.2 ডিগ্ৰী তাপমাত্ৰা আছিল ৷ ইফালে নালগোণ্ডা জিলাৰ বুগবাবিগুড়া, সংগৰেড্ডী জিলাৰ সদাশিৱপেট, নালগোণ্ডা জিলাৰ নামপল্লী, গাডৱাল জিলাৰ দ্যাগাডোডি, আদিলাবাদ জিলাৰ আৰলি (টি), কুমুৰাম ভীম জিলা ভানকুলামত 43.2 ডিগ্ৰী আছিল কালিৰ (বৃহস্পতিবাৰ) দিনটোত তাপমাত্ৰা ৷

নালগোণ্ডা জিলাৰ নিদামানুৰ আৰু কট্টাংগুৰ, টিক্য তাণ্ডাত 43.0, বানাপৰ্থী জিলা পেবোলুত ৪২.৮, ভদ্ৰদ্ৰী কোঠাগুডেম জিলাৰ পিনাপাকা মণ্ডলৰ তাপমাত্ৰা আছিল 42.7 ডিগ্ৰী ৷ এই গৰমৰ বাবেই নিজামাবাদ জিলাৰ ইণ্ডালৱাই মণ্ডলৰ ডনকল গাঁৱৰ ৰামাৱত অখিলৰ (4) বৃহস্পতিবাৰে মৃত্যু ঘটে ।

স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকে জনোৱা মতে, বৃহস্পতিবাৰে স্কুলৰ পৰা অহাৰ পিছত ৰমেশ আৰু অনিতাৰ পুত্ৰ অখিলে ৰ’দত খেলি আছিল । কৃষি কৰ্মৰ পৰা উভতি অহাৰ পাচত পুত্ৰৰ জ্বৰ আৰু বমি হোৱাটো লক্ষ্য কৰি জিলা চৰকাৰী চিকিৎসালয়লৈ লৈ যায় পিতৃয়ে । ইয়াৰ পাচতে চিকিৎসকে 4 বছৰীয়া অখিলৰ অত্যন্ত গৰমৰ প্ৰকোপত মৃত্যু ঘটা বুলি অভিভাৱকক জনায় ৷

By Sandy

Leave a Reply

Your email address will not be published. Required fields are marked *