Deprecated: Function is_staging_site is deprecated since version 3.3.0! Use in_safe_mode instead. in /home/u862694509/domains/sirwiznews.com/public_html/wp-includes/functions.php on line 6078
ইজৰাইলী সেনাৰ অভিযান অব্যাহত হামাছৰ বিৰুদ্ধে - SirWiz News
Deprecated: Function is_staging_site is deprecated since version 3.3.0! Use in_safe_mode instead. in /home/u862694509/domains/sirwiznews.com/public_html/wp-includes/functions.php on line 6078

ইজৰাইলী সেনাৰ অভিযান অব্যাহত হামাছৰ বিৰুদ্ধে । মঙলবাৰে পুনৰ অভিযান চলে গাজা ষ্ট্ৰিপত । ইজৰাইলী সেনাই গাজাৰ সৰ্ববৃহৎ চিকিৎলায়খনত কৰা এই বিস্ফোৰণত হামাছৰ 50 জন উগ্ৰপন্থীক হত্যা কৰা হয় বুলি জানিবলৈ দিয়ে ইজৰাইলী সেনাই ৷

ইজৰাইলী সেনাৰ অভিযান অব্যাহত হামাছৰ বিৰুদ্ধে । মঙলবাৰে পুনৰ অভিযান চলে গাজা ষ্ট্ৰিপত । ইজৰাইলী সেনাই গাজাৰ সৰ্ববৃহৎ চিকিৎলায়খনত কৰা এই বিস্ফোৰণত হামাছৰ 50 জন উগ্ৰপন্থীক হত্যা কৰা হয় বুলি জানিবলৈ দিয়ে ইজৰাইলী সেনাই ৷ এই আক্ৰমণৰ সময়ত শ্বিফা মেডিকেল কমপ্লেক্সৰ ভিতৰত হাজাৰ হাজাৰ পেলেষ্টাইনী ৰোগী, চিকিৎসা কৰ্মচাৰী আৰু অন্যান্য লোক আৱদ্ধ হৈ পৰে ৷

বিগত বৰ্ষৰ ৭ অক্টোবৰত দক্ষিণ ইজৰাইলৰ ওপৰত হামাছে কৰা আক্ৰমণৰ পিচত ইজৰাইলে গাজাত আক্ৰমণ আৰম্ভ কৰি হামাছক ধ্বংস কৰাৰ পণ লয়। তাৰ পিচৰে পৰা এই বোমা বিস্ফোৰণ আৰু আক্ৰমণত 31,800 ৰো অধিক পেলেষ্টাইনী নিহত হয় ৷ সামান্তৰাল ভাৱে উত্তৰ গাজাৰ বহু অংশত জলসংকট হোৱাৰ লগতে আগতীয়াকৈ দুৰ্ভিক্ষ হোৱাৰ আশংকা কৰা হৈছে ৷
উল্লেখ্য যে, সেনাই শেষবাৰৰ বাবে নৱেম্বৰ মাহত শ্বিফা হাস্পতালত অভিযান চলাইছিল ৷ ইজৰাইলী সেনাই মাটিৰ তলৰ কোঠালৈ যোৱা এটা সুৰংগৰ লগতে চিকিৎসালয়খনৰ ভিতৰত পোৱা বুলি কোৱা অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিছিল । গাজাৰ স্বাস্থ্য ব্যৱস্থাৰ হৃদপিণ্ড স্বৰূপ চিকিৎসালয়খনত কৰা এই আক্ৰমণত গুৰুতৰ ক্ষতিসাধন হয় ৷ গাজাৰ বিষয়াসকলে জনোৱা মতে, ইজৰাইলী সেনাই নতুনকৈ কৰা আক্ৰমণ আৰম্ভ হোৱাৰ সময়ত প্ৰায় 30 হাজাৰ স্থানচ্যুত লোকে হাস্পতালৰ চৌহদত আশ্ৰয় লৈছিল ।

উল্লেখ্য যে খান য়ুনিছ গাজাৰ দ্বিতীয় বৃহত্তম চহৰ আৰু ইয়াক হামাছ নেতা য়াহিয়া ছিনৱাৰৰ ব্যক্তিগত দুৰ্গ হিচাপে গণ্য কৰা হয় ৷ ইয়াৰ উত্তৰ দিশত ইজৰাইলী যুঁজাৰু বিমানে শনিবাৰে নিশা ক্ফাৰকেলাৰ দক্ষিণ লেবানন অঞ্চলত হিজবুল্লাহৰ পৰ্যবেক্ষণ চকীত আক্ৰমণ কৰে ৷ লগতে নিশাটোৰ ভিতৰতে লেবাননৰ পৰা গাজা আৰু হাৰ ডভ অঞ্চললৈ কেইবাটাও মিছাইল উৎক্ষেপণ কৰে । শনিবাৰে ইজৰাইলী যুঁজাৰু বিমানে ইজৰাইলৰ চহৰৰ ফালে ৰকেট নিক্ষেপৰ প্ৰতিক্ৰিয়া স্বৰূপে দক্ষিণ লেবাননৰ এটা হিজবুল্লাহ সামৰিক চৌহদত আক্ৰমণ কৰে ।

By Sandy

Leave a Reply

Your email address will not be published. Required fields are marked *